জয়সাগৰঃ শিৱসাগৰ জিলাৰ আৰক্ষীৰ অভিযানত চুৰি গাড়ী সহ জালত পৰিল গাড়ী চুৰি চক্ৰ৷ শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত বগীদল অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এখন চুৰি গাড়ী সহ বহু গাড়ীৰ চাবি উদ্ধাৰ কৰে৷
জয়সাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত চলিছিল এই অভিযান৷ জানিব পৰা মতে, কেইগৰাকীমান সন্দেহযুক্ত লোক শিৱসাগৰ জিলাৰ জয়সাগৰ থানাৰ অন্তৰ্গত বগীদলৰ বৰ্ণালী চেতিয়া নামৰ মহিলাগৰাকীৰ ঘৰত থিতাপি লৈ থকাৰ ওচৰ-পাজৰৰ লোকে অৱগত হোৱাত স্থানীয় গাঁওবুঢ়াক খবৰ দিয়ে৷