কাজিৰঙাঃ ধান খাই মুৰ্গী ক’ত পলাব৷ পলাব নোৱাৰিলে কাজিৰঙাত ডকাইতি সংঘটিত কৰা তিনি ধৃত ডকাইতো৷ ব্যৱসায়ীৰ মূৰত বন্দুক লগাই কাজিৰঙাৰ কুঠৰীত ডকাইতি কাণ্ড সংঘটিত কৰা তিনি দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হ’ল কাজিৰঙা বাগৰি আৰক্ষীৰ এটা দলে৷
মঙলবাৰে কুঠৰীৰ মোবাইল দোকান এখনৰ স্বত্বাধিকাৰী জিতু চাহু নামৰ ব্যক্তিজনে নিশা দোকান বন্ধ কৰি ঘৰলৈ আহি থকাৰ সময়তে তিনি দুৰ্বৃত্তই বন্দুক দেখুৱাই কাঢ়ি নিছিল ৫০ টা ম’বাইল হেণ্ডচেট, চাৰিটা লাপু ম’বাইল, ৩৫ হাজাৰ টকা মূল্যৰ ৰিচাৰ্জ কাৰ্ড আৰু নগদ ১২,০০০ টকা।