Home ৰাজ্য৯ বছৰীয়া খুলশালীয়েকক ধৰ্ষণ, আৰক্ষীৰ অভিযানত জালত পৰিল দুলালুদ্দিন

৯ বছৰীয়া খুলশালীয়েকক ধৰ্ষণ, আৰক্ষীৰ অভিযানত জালত পৰিল দুলালুদ্দিন

by News Desk
51 views
A+A-
Reset

newsnextone.com | ওৰাংঃ ২০১৭ চনৰ ৩১ মে’ৰ হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাঁৱৰ ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যা কৰা গোচৰৰ আদালতে ৰায় প্ৰদান কৰি দোষীক ফাঁচীৰ ৰায় ঘোষণা কৰাৰ সময়তে ওদালগুৰি জিলাত এগৰাকী ৯ বছৰীয়া কিশোৰাক ভিনীহিয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে এই ঘটনা সংঘটিত হৈছে। ঘটনা সংঘটিত কৰি আৰক্ষীয়ে দুলালুদ্দিন আলি নামৰ ভিনীহিৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দুলালুদ্দিন আলিয়ে পলায়ন কৰিছিল। কিন্তু আৰক্ষীয়ে অভিযান চলাই বুধবাৰে জালত পেলোয় দুলালুদ্দিনক। 

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চুবা গাঁৱত ৯ বছৰীয়া কিশোৰী নিজ ভিনীহিৰ কামনাৰ বলি হয়। দুলালুদ্দিনে নিজ ঘৰৰ সমীপতে থকা এটা  পৰিত্যক্ত ঘৰলৈ নি কিশোৰীক ধৰ্ষণ কৰাৰ পৰিয়ালে অভিযোগ উত্থাপন হৈছিল। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে দুলালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতীয় দণ্ড বিধিৰ ৩৭৬(A-B)/৬৩/১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ধৰ্ষিতা কিশোৰী গৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0