গৰৈমাৰীঃ ৰাজ্যত বৃদ্ধি পাইছে নাৰীদেহ ব্যৱসায়৷ কিশোৰী-যুৱতীৰ জীৱন ধ্বংস কৰি নাৰী ব্যৱসায়ী চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহা৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বাঘমাৰাত বুধবাৰে নিশা এটা নাৰীদেশ ব্যাৱসায়ী চক্ৰক আটক কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে৷
গাঁওৰক্ষী বাহিনীয়ে বাঘমাৰা গাঁৱৰ ছফিয়া খাতুন নামৰ মহিলা গৰাকীৰ গৃহত গোপন সূত্ৰৰ পম খেদি অভিযান চলায়৷ ছুফিয়া খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত গোপনে বাহৰ পাতি থকা এটা নাৰীদেহ ব্যৱসায়ী চক্ৰটোক স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ধৰি আৰক্ষীক খবৰ দিয়ে৷