গুৱাহাটীঃ দীনদয়াল উপাধ্যায়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ৰাজ্য চৰকাৰে জন সংঘৰ প্ৰতিস্থাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা দল-সংগঠনে ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল৷
প্ৰতিবাদ সত্বেও আকোৰগোজ হৈ ৰাজ্য চৰকাৰে তিনিখনকৈ মহাবিদ্যালয় স্থাপন কৰে৷ ৰাজ্যৰ দল-সংগঠনে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰি প্ৰতিবাদ আজিও অব্যাহত ৰাখিছে৷ জনমতক উপেক্ষা কৰি ৰাজ্যৰ বিজেপি, অগপ আৰু বিপিএফ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে তিনি খনকৈ মহাবিদ্যালয় দীনদয়ালৰ নামত প্ৰতিষ্ঠা কৰে৷