ওদালগুৰিঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ২০১৪ চনৰ আদিবাসী নৰসংহাৰত জড়িতৰ অভিযোগত অভিযুক্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ম’ষ্ট ৱাণ্টেডৰ অপৰাধীৰ তালিকাত থকা এনডিএফবি(স) সদস্য জিচকেল মোছাহাৰী(৩১) ওৰফে জাহান।
বিগত ১১ অক্টোবৰ তাৰিখে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষী-সেনাই চলোৱা অভিযানত ওদালগুৰি জিলাৰ চপনগাঁৱৰ এটি সন্দেহজনক ঘৰৰ পৰা অপৰাধী গৰাকীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, অভিযানকাৰী দলটোক এনডিএফবি সদস্যগৰাকীয়ে অভিযানৰ সময়ছোৱাত আক্ৰমণৰ কৰি পলাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।