54
মঙলদৈঃ আছামীক প্ৰহাৰ কৰাৰ অপৰাধত থানাৰ ভিতৰতে আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাত৷ এগৰাকী আৰক্ষী বিষয়াই আৰক্ষী থানাৰ ভিতৰতে এগৰাকী আছমীক প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাৰ সময়তে গ্ৰেপ্তাৰ হ’ব লগা হয়৷
লক আপৰ ভিতৰত আছামীক মাৰ-ধৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় ছিপাঝাৰ আৰক্ষী থানাৰ অধিনৰ ভকতপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট আলি৷