কলিয়াবৰঃ জখলাবন্ধা আৰক্ষীৰ জালত পৰিল দুই গাড়ী চোৰ৷ বৃহস্পতিবাৰে নিশা জখলাবন্ধাত আৰক্ষীয়ে অভিযান চলাই এটা ভাৰাঘৰৰ পৰা আটক কৰে দীপাংকৰ কোচ আৰু ৰাজেশ বাগোৱাৰ নামৰ দুই গাড়ী চুৰিৰ সৈতে জড়িত দুজন লোকক।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ শোণিতপুৰ জিলাত গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা দুই গাড়ীচোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছিল যদিও আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰি আছিল৷ বৃহস্পতিবাৰে নিশা জখলাবন্ধাৰ এটি ভাৰাঘৰত আত্মগোপন কৰি থকা অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে আটক কৰে দুয়োকে। ধৃত দীপাংকৰ কোচ আৰু ৰাজেশ বাগোৱাৰৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।