90
বিশ্বনাথ চাৰিআলিঃ ৰাজ্যত বাঢ়িছে ইৰাণী গ্ৰুপৰ আতংক৷ নামনি অসমৰ পাছত এইবাৰ ইৰাণী গ্ৰুপৰ আতংক আৰম্ভ হ’ল বিশ্বনাথ চাৰিআলিত৷ আজি বিশ্বনাথত ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক হ’ল ইৰাণী গ্ৰুপৰ এজন সদস্য৷
ঘটনা অনুসৰি আজি বিশ্বনাথৰ বেদেতীৰ কিংসুব মণ্ডল নামৰ ব্যক্তিজনে বিশ্বনাথস্থিত ইউকো বেংকৰ পৰা নগদ ৫০ হাজাৰ টকা উলিয়াই গাড়ীত উঠিব লওতেই ইৰাণী গ্ৰুপৰ এজন সদস্যই টকাৰ বেগটো কাঢ়ি নিবলৈ চেষ্টা চলায়৷