গুৱাহাটীঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্ছাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি মন্তব্য কৰাৰ পিছতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷
পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিবলৈ মাদানী কোন বুলিও একাংশ লোকে প্ৰশ্ন কৰে৷ ৰাজ্য দল-সংগঠনে ক্ষোভিত হৈ পৰিছে এই মন্তব্যৰ বিৰুদ্ধে৷ ৩১ ডিচেম্বৰত NRCৰ খচৰা প্ৰকাশৰ আগমুহূৰ্তত একাংশ লোকে পৰিবেশ বিনষ্ট কৰিব বিছৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এনে মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্য খনত৷ সাম্প্ৰদায়িত মন্তব্যৰ জৰিয়তে শংকৰ-আজানৰ দেশত সংঘাট সৃষ্টি কৰিব খোজা বুলিও অভিযোগ উত্থাপন হৈছে৷