কাৰ্বি আংলংঃ বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিয়ে বোকাজানত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ তম জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে৷ বোকাজান বিলাতী মাটি নিগমৰ আৱাসিক নামঘৰত অহা ১৩ আৰু ১৪ আহিন (ইং ৩০ ছেপ্তেম্বৰ অাৰু ০১ অক্টোবৰ)ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ অায়োজন কৰিছে।
গুৰুজনাৰ জন্মজয়ন্তী অনুষ্ঠানৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰিছে৷