তুলসীবাৰীঃ ৰঙিয়াৰ তৰণীৰ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত দেওবাৰে কামৰূপ জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ স্থানীয় বিদ্যাজ্যোতি শিশু নিকেতনত অনুষ্ঠিত প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷
প্ৰতিযোগিতাৰ অন্তত বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি ভূবনেশ্বৰ লহকৰৰ সঞ্চালনাত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম, ৰঙিয়া প্ৰেছ ক্লাবৰ উপ-সভাপতি তাপস সমাদ্দাৰ, নিউজ নেক্সট ৱানৰ তুলসীবাৰীৰ সংবাদদাতা ভাস্কৰ কলিতা, শিক্ষক নিলমনি ৰাজবংশী আদিয়ে৷