newsnextone.com | ডিজিটেল ডেস্কঃ আকবৰ কোনো মহান সম্ৰাট নাছিল৷ সেই উপাধি লাভ কৰা উচিত মহাৰাণা প্ৰতাপহে৷ এনেদৰে ইতিহাসৰ নতুন ব্যাখ্যা আগবঢ়াই পুনৰ এবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷
পূৰ্বেও কেইবাটাও বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷ সমাজ জীৱনৰ পৰা ৰাজনীতিলৈ সকলোতে নিজৰ জ্ঞানৰ গভীৰতা দেখুৱাবলৈ গৈ কেইবাবাৰো বিতৰ্কিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিপদতো পৰিছে৷ শেহতীয়াকৈ ইতিহাসত তেওঁৰ দক্ষতা দেখুৱাবলৈ গৈ মহান মোগল সম্ৰাট হিচাপে অভিহিত আকবৰৰ বিষয়ে ভুল মন্তব্য প্ৰকাশ কৰি মোগল সম্ৰাট গৰাকীৰ অস্তিত্ব ইতিহাসৰ পাততে বিপন্ন কৰা পৰিলক্ষিত হৈছে৷