ডিজিটেল ৰিপ'ৰ্টঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধানৰ উপায় ভাবি উলিয়াইছে নগাঁৱৰ এজন ভূতত্ত্ববিদে ৷ তেওঁৰ নাম হৈছে মাণিক কৰ ৷ ইতিমধ্যে, ভাৰতৰ উপৰি কেইবাখনো বহিঃৰাষ্ট্ৰত দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ ওপৰত গৱেষণা কৰা নগাঁৱৰ এই ভূতত্ত্ববিদজনে গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বান ৰোধৰ কৰিবৰ বাবে প্ৰস্তুত কৰিছে এক প্ৰকল্প ৷

ভূতত্ত্ববিদজনে সাজু কৰা এই প্ৰকল্পটোৰ জৰিয়তে এজাক বৰষুণতে কৃত্ৰিম বানে মহানগৰবাসীৰ জীৱন দুৰ্বিষহ কৰি তোলা দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত কেইবাটাও কাৰিকৰী পৰামৰ্শৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ো উপস্থাপন কৰিছে ৷ উল্লেখ্য যে, বিভিন্ন সময়ত দেখা যায় যে চৰকাৰীভাৱে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে নানা প্ৰকাৰৰ আঁচনি গ্ৰহণ কৰা হয় যদিও মূৰকত এই সকলোবোৰ আঁচনি কিন্তু বুমেৰাংহে হৈ পৰে ৷

এনে এক দুৰ্বিসহ পৰিস্থিতি প্ৰত্যক্ষ কৰিয়েই ১৯৭৮ চনৰ ছাত্ৰ জীৱনৰ পৰা গুৱাহাটীৰ বিভিন্ন পাহাৰ, নদ-নদীৰ ওপৰত অধ্যয়ন কৰি কি কাৰণত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু ইয়াৰ বৈজ্ঞানিক সমাধান কি তাৰ উপায় উদ্ভাৱন কৰি উলিয়াইছে নগাঁৱৰ ভূতত্ত্ববিদ মানিক কৰে ৷ তেওঁ ১৯৭৮-৭৯ চনত প্ৰপাৰ গুৱাহাটী ষ্টুডেন্টছ জিঅ’গ্ৰাফিকেল ফ’ৰাম, গুৱাহাটী ইউনিভাৰছিটি আৰম্ভ কৰি ২০১৭ চনত 'A Study of Surface Run off and Sewerage of Guwahati City : A Geographical Perspective'  শীৰ্ষক এটা প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছে এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ নিমিত্তে ৷

ভূতত্ত্ববিদ কৰে সদৰী কৰা মতে, এই প্ৰকল্পৰ লগত গুৱাহাটী মহানগৰীৰ গৃহ নিৰ্মাণ, পাহাৰ কটা আদি দিশবোৰ জড়িত আছে ৷ এই প্ৰকল্পটোৰ সৈতে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ভৰলু উপনৈৰ আন এক সমস্যা আছে৷ এই প্ৰকল্পৰ অধীনত ভৰলুক খান্দি দ’ কৰাৰ লগতে প্ৰাগজ্যোতিষৰ ওচৰত ১৫ মিটাৰ ওখ হৈ থকা ব্ৰহ্মপুত্ৰকো দ কৰিব লাগিব ৷ তদুপৰি আন কেতবোৰ কাৰিকৰী দিশ এই প্ৰকল্পৰ অধীনত সাঙুৰ খাই আছে বুলি জানিবলৈ দিছে কৰে। ভূতত্ত্ববিদজনৰ আশা এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান প্ৰতিৰোধত সফলতা কঢ়িয়াই অানি মহানগৰবাসীৰ কষ্ট লাঘৱ কৰিবলৈ সমৰ্থ হ'ব।