কাজিৰঙাঃ কহঁৰা চাৰিআলিত ৰং তুলিকাৰে চিলাপথাৰ কাণ্ডৰ প্ৰতিবাদত কৰে চিত্ৰশিল্পী সমাজে। ‘বাটৰ কেনভাচ’ নামৰ অনুষ্ঠানেৰে আয়োজন কৰা চিত্র অনুষ্ঠানত অংশ ললে বিশিষ্ট চিত্রশিল্পী ননী বৰপুজাৰী, প্ৰদীপ নাথ, পৰেশ ভূঞা, নিবিড় অনুৰাগ মানসৰ লগতে বিশেষভাৱে সক্ষম অজিত হালৈয়ে।
বিশেষভাৱে সক্ষম অজিত হালৈয়ে ভৰিৰে ছবি অংকন কৰা দৃশ্যই অনুষ্ঠানত সকলোকে আকৃষ্ট কৰে৷ অনুষ্ঠানত অজিত হালৈৰ লগতে প্ৰদীপ নাথ, পৰেশ ভূঞা আৰু নিবিড় অনুৰাগ মানসক বিশেষভাবে সম্বর্ধনা জনোৱা হয়।