নতুন দিল্লীঃ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে তৰা অপৰাধীক মানহানি গোচৰৰ বিচাৰৰ সন্মুখীন হ’ব অৰবিন্দ কেজৰিৱাল৷ আপৰ ৫ নেতাৰ বিৰুদ্ধেও তৰা হৈছে এই গোচৰ৷ শনিবাৰে পাটিয়ালা হাউচ ক'ৰ্টে প্ৰকাশ কৰা মতে কেজৰিৱালকে ধৰি বাকী ৫ নেতাই নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবেই সন্মুখীন হ’ব বিচাৰৰ৷

উল্লেখযোগ্য যে ২০১৫ৰ ডিচেম্বৰতে জেটলীয়ে "দিল্লী আৰু ৰাজ্যিক ণ্ড ক্ৰিকেট এছ’চিয়েছন( ডিডিচিএ) ৰ এক গোচৰ সম্পৰ্কত কেজৰিৱালৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল৷ জেটলীয়ে দাবী কৰিছিল যে ডিডিচিএৰ সৈতে জড়িত এক গোচৰত অৰবিন্দ কেজৰিৱালৰ লগতে আন ৫ নেতাই  মন্ত্ৰীজনৰ বিৰুদ্ধে মিছা আৰু অপমানজনক বিবৃতি দিছিল৷

তদুপৰি আপ নেতাসকলে জেটলীৰ বিৰুদ্ধে বিত্তীয় খামখেয়ালিৰ অভিযোগো উত্থাপন কৰিছিল৷ উল্লেখযোগ্য জেটলী ২০০০ চনৰ পৰ ২০১৩ লৈ ডিডিচিএৰ অধ্যক্ষ হৈ আছিল৷ আনহাতে সমাগত দিল্লী পৌৰনিগমৰ নিৰ্বাচনত এই শুনানীয়ে আপ দলটোৰ বাবে অশনি সংকেত বুলি আশংকা কৰিছে বহুজনে৷

দলটোৰ মুখ্যমন্ত্ৰীকে ধৰি আন ৫ নেতাৰ ওপৰত হ’বলগীয়া এই বিচাৰে প্ৰভাৱ পেলাব পাৰে বুলি মত প্ৰকাশ কৰিছে৷ কেজৰীৱালৰ লগৰ অভিযুক্ত আন নেতাসমুহ হৈছে কুমাৰ বিশ্বাস,  আশুতোষ, সঞ্জয় সিংহ, ৰাঘৱ চড্ডা আৰু দীপক বাজপেয়ী৷ বিচাৰৰ শুনানী ২০ মেত আৰম্ভ হ’ব বুলি জনাইছে ন্যায়ালয়ে৷