গুৱাহাটীঃ পুণৰ চীনা সৈন্যই অৰুণাচলত প্ৰৱেশ কৰাৰ এটা ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ পূৰ্বাঞ্চলত৷ চছিয়েল মিডিয়াত যোৱা ২৪ ঘন্টাত ভাইৰেল হোৱা ভিডিঅ’টোত চীনা সৈন্যৰ আক্ৰোশমূলক স্থিতিত দেখা যায়৷
অৰুণাচলত ভাৰতৰ ভূমিত প্ৰৱেশ কৰি চীনা সৈন্যই শিলেৰে পথ নিৰ্মাণ কৰাৰ লগতে শিলেৰে সীমা নিৰ্ধাৰণ কৰে৷ উক্ত স্থানত ভাৰতীয় সেনাই চীনা সেনাক উক্ত কাৰ্যৰ পৰা বিৰত থকাৰ নিৰ্দেশৰে বাৰে বাৰে কথা পাতিবলৈ চেষ্টা কৰে যদিওঁ চীনৰ সেনাই ভাৰতীয় সেনাৰ কোনো কথাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷