ইটানগৰঃ অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত সোমবাৰে মুখত কাপোৰ বন্ধা পাঁচ শতাধিকলোকে নিৰ্বাচনৰ দায়িত্বত থকা এটা দলক আক্ৰমণ কৰি কেইবাটাও ই ভি এম চুৰি কৰি নিয়ে৷ 

মঙলবাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কলৰিয়াং লোকসভাৰ কেইবাটাও ভোট কেন্দ্ৰলৈ ইভিএম মেচিনসমূহ কঢ়িয়াই নিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়৷

পৰিচয় গোপনে ৰাখিব বিচৰা এজন আৰক্ষী বিষয়াই কয় যে এই লোকসকল বিজেপিৰ মিত্ৰদল নেছ’নেল পিপুলছ পাৰ্টিৰলোক৷

নামতে খণ্ডৰ দণ্ডাধীশ ৰিড’ তাৰাকে এই ঘটনাৰ সন্দৰ্ভত কলৰিয়াৗ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

সোমবাৰে সন্ধিয়া ৫ বজাত সংঘটিত এই ঘটনাক প্ৰথমে দুষ্কৃতিকাৰীয়ে এক কে- ৪৭ ৰাইফলকে ধৰি অত্যাধুনিক মাৰণাস্ত্ৰৰে কেইবা জাঁই ও গুলী বৰ্ষন কৰে৷

দায়িত্বৰখক চি আৰ পিএফক জোৱানসকলে দুষ্কৃতিকাৰীক লক্ষ কৰি গুলী চালনাৰপৰা বিৰত থাকে৷ দুয়োপক্ষৰ লোকৰ প্ৰাণ হানি হয় বুলিয়ে চিআৰ পিএফে গুলী চালনা কৰা নাছিল৷

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে আন এটা দলক এক দুৰ্গম পথেৰে ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰে৷