প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ অজ্ঞাতে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ট্ৰাকে ট্ৰাকে অৰুণাচলী সুৰা অবৈধভাৱে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে কাৰ্বি আংলং জিলাৰ লাহৰীজান আৰু ডিমাপুৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে৷
উল্লেখ্য যে, পূৰ্বতে এই অসাধু সুৰা ব্যৱসায়ীয়ে কাৰ্বি আংলং জিলাৰ মাজেদি যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা অবৈধ অৰুণাচলী সুৰা গোপনে নগালেণ্ডলৈ নিয়াৰ বাবে ব্যৱহাৰ কৰি আছিল যদিও পাছত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এই অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায় বন্ধ হৈ পৰে৷