newsnextone.com | মাৰ্ঘেৰিটাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশীক অসমক সংস্থাপনৰ বিৰোধিতা কৰি ৰাজ্যবাসীয়ে ৰাজ্য উত্তাল কৰি ৰাখিছে৷ অসমে কোনো কাৰণত বিদেশীৰ বোজা নলয় বুলি স্পষ্ট কৰি প্ৰতিদিনে ধৰ্ণা, অৱস্থান, জোঁৰ সমদল, গণ স্বাক্ষৰ সংগ্ৰহ আদি কাৰ্যসূচী পালন কৰি আহিছে৷ অবৈধ বিদেশীক অসমৰ পৰা বহিস্কাৰৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰশাসনে অসমত সন্দেহজনক বাংলাদেশী সোমাই দিয়া বিচৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ-অৰুণাচল সীমান্তত৷
