লক্ষীমপুৰঃ অৰুণাচল প্ৰদেশৰ নিৰিজুলি নিকুমনিয়া খেলপথাৰত আজি ইনডিজিনিয়াচ ফেইট দিৱস উদযাপন কৰে। অৰুণাচল প্ৰদেশত মুঠ ২৬ টা মুখ্য জনজাতি আছে। যাক ভাৰত চৰকাৰে ইনডিজিনিয়াচ জনজাতি বুলি স্বীকৃতি প্ৰদান কৰিছে।
নানা ৰঙীন সংস্কৃতিৰে ভৰপুৰ অৰুণাচল প্ৰদেশত আধুনিকতা আৰু বিভিন্ন ধৰ্ম্মান্তৰৰ কঢ়াল গ্ৰাহত পৰি নিজৰ সংস্কৃতি লুপ্তপ্ৰায় হ’বলৈ ধৰিছে। ‘ইন্ডিনিয়াচ ফেইট এণ্ড কালচাৰেল ছচাইটি অফ অৰুণাচল প্ৰদেশ’ৰ দ্বাৰা বিশেষ ভূমিকা গ্ৰহণ কৰি সকলোকে একত্ৰিত কৰি নিজ নিজ সংস্কৃতি জীৱিত কৰি ৰখাৰ বাবে চৰকাৰৰ সহযোগত আজিৰ দিনটো অৰ্থাৎ ১ ডিচেম্বৰত ইনডিজিনিয়াচ ফেইট দিৱস পালন কৰি আহিছে।