গুৱাহাটীঃ অসমীয়াৰ শেষ ভৰষা পৰেশ বৰুৱা। যোৱা ২১ নৱেম্বৰত নিজৰ ফেচবুক একাউণ্টত উক্ত শিৰোনামাৰে এটা দীঘলীয়া পোষ্ট আপডেট কৰাৰ কিছুদিন পিছতে সন্ধানহীন হৈ পৰে অৰুণাভ গগৈ। পৰিয়ালৰ তৰফৰ পৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়তে যোৰহাটৰ জে বি কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা যুৱকজনে আলফাত যোগ দিয়া বুলি ভিন্নজনে আশংকা ব্যক্ত কৰে।
অৱশেষত সকলোৰে আশংকা সত্য প্ৰমাণিত কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ পৰা আজিৰ দিনটোতে ছ’চিয়েল মিডিয়াযোগে আত্মপ্ৰকাশ কৰে অৰুণাভ গগৈ ওৰফে সাগৰ ইংতিপিয়ে। আলফা স্বাধীনৰ পোছাকত হাতত মাৰণাস্ত্ৰ লৈ কোনো অজ্ঞাত স্থানৰ পৰা ছ’চিয়েল মিডিয়াযোগে এক ভিডিঅ’ বাৰ্তাত অসমক ভাল পোৱা প্ৰতিজন অসমীয়াকে স্বাধীনতাকামী সংগঠনটোৰ তেজ ৰঙা পতাকাৰ তলত থিয় হ’বলৈ আহ্বান জনায় যুৱকজনে।