newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ মুখ্য বিত্তীয় পৰামৰ্শদাতা অৰবিন্দ সুব্ৰমণিয়ামে বুধবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে৷ ২০১৪ চনৰ অক্টোবৰৰ পৰা তেওঁ দেশৰ মুখ্য বিত্তীয় পৰামৰ্শদাতা হিচাপে নিয়োজিত আছিল৷ বুধবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ফেচবুক পোষ্টৰ জৰিয়তে সুব্ৰমণিয়ামৰ পদত্যাগ সন্দৰ্ভত অৱগত কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে কয় যে মুখ্য বিত্তীয় পৰামৰ্শদাতা সুব্ৰমণিয়মে পুনৰ আমেৰিকালৈ উভটি যাব৷ জেটলীয়ে এটা টুইট কৰি অৰবিন্দ সুব্ৰমণিয়ামক ধন্যবাদো জ্ঞাপন কৰে৷

ফেচবুক পোষ্টত অৰুণ জেটলীয়ে কয় যে মুখ্য বিত্তীয় পৰামৰ্শদাতা অৰবিন্দ সুব্ৰমণিয়ামে পাৰিবাৰিক কাৰণত পুনৰ আমেৰিকালৈ উভটি যাব৷ আনহাতে ইয়াৰ বাহিৰে আন কোনো গত্যান্তৰ নাই বুলি উল্লেখ কৰি জেটলীয়ে সুব্ৰমণিয়ামৰ সিদ্ধান্তত সহমত পোষণ কৰা বুলিও ফেচবুক পোষ্টত উল্লেখ কৰে৷

জেটলীয়ে ফেচবুকত লিখে, ‘কিছুদিন পূৰ্বে মুখ্য বিত্তীয় পৰামৰ্শদাতাগৰাকীয়ে মোৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰিছিল৷ তেওঁ ইউএছ উভটি যোৱাৰ সম্পৰ্কে মোক জনাইছিল৷ আমেৰিকালৈ উভটি যাব খোজাৰ কাৰণ তেওঁৰ ব্যক্তিগত আছিল আৰু সেয়া জৰুৰী বুলিও তেওঁ জনায়৷ তেওঁৰ সিদ্ধান্তত সহমত প্ৰকাশ বাহিৰে আমাৰ আন একো উপায় নাছিল৷’

ইফালে অৰবিন্দ সুব্ৰমণিয়ামেও টুইট কৰি অৰুণ জেটলীক ধন্যবাদ জনায়৷ 

উল্লেখ্য যে, অৰবিন্দ সুব্ৰমণিয়ামে দিল্লীৰ চেইন্ট ষ্টিফেন কলেজৰ পৰা স্নাতক কৰাৰ পিছত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, আহমদাবাদৰ পৰা এনবিএ ডিগ্ৰী লাভ কৰে৷ তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল আৰু ডি.ফিল ডিগ্ৰী লাভ কৰে৷

ইয়াৰ পূৰ্বে ৰঘুৰাম ৰাজন দেশৰ বিত্তীয় পৰামৰ্শদাতা হিচাপে নিয়োজিত আছিল৷ ৰাজনে ২০১৩ চনৰ অক্টোবৰত পদৰ পৰা পদত্যাগ কৰাৰ এটা বছৰ পিছত অৰ্থাৎ ২০১৪ চনৰ অক্টোবৰত অৰবিন্দ সুব্ৰমণিয়াম মুখ্য বিত্তীয় পৰামৰ্শদাতাৰ পদত অধিষ্ঠিত হয়৷