newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম দিল্লীত এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে হিন্দী কথাছবিৰ কাহিনীৰ দৰেই আৰক্ষী থানাৰ ভিতৰত আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দিল্লীৰ তিলক বিহাৰ আৰক্ষী চকীত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে৷
জানিব পৰা মতে, কিশোৰীগৰাকীয়ে চুবুৰীয়া এগৰাকী যুৱকৰ সৈতে ভাল বন্ধুত্ব আছিল৷ কিন্তু পৰিয়ালে এই বন্ধুত্বক স্বীকাৰ কৰা নাছিল৷ পৰিয়ালে কিশোৰীক নিৰ্যাতন চলাই আহিছিল৷ শনিবাৰে কিশোৰীগৰাকী ঘৰৰ পৰা নোহোৱা হয়৷ কিশোৰীগৰাকী ঘৰত নথকাত ভাতৃয়ে যুৱকজনৰ ঘৰলৈ বিচাৰি যায় কিশোৰীক৷ তাৰ পিছতে কিশোৰীক যুৱকজনৰ পৰিয়ালে আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে৷ এই ঘটনাৰ ফলত দুয়োটা পৰিয়ালৰ মাজত কাজিয়া লাগে আৰু কেইবাগৰাকী লোক আহত হয়৷