যদি আপুনি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ এগৰাকী কিশোৰ বা কিশোৰীক দ্বিতীয় শ্ৰেণীতে পঢ়ি অহা আৰু নিজৰ মাতৃভাষাতে লিখা থকা এটা শাৰী পঢ়িবলৈ দিয়ে, অথবা তৃতীয় বা চতুৰ্থ শ্ৰেণীতে শিকা তিনিটা সংখ্যাৰ হৰণ অংক এটা কৰিবলৈ দিয়ে, তেন্তে হয়তো তেওঁলোকৰ প্ৰদৰ্শন দেখি আপুনি নিৰাশ হৈ পৰাৰ সম্ভাৱনাই অধিক। শেহতীয়াকৈ প্ৰকাশ পোৱা বাৰ্ষিক শিক্ষাৰ স্থিতিৰ প্ৰতিবেদন বা এ এছ ই আৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে গ্ৰামাঞ্চলত শিক্ষাৰ পয়ালগা স্বৰূপ।
'প্ৰথম’ৰ দ্বাৰা প্ৰকাশিত এ এছ ই আৰৰ ২০২৩ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে দেশৰ ১৪-১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ-কিশোৰীৰ শৈক্ষিক সক্ষমতা। দেশৰ ২৮ খন ৰাজ্যৰ ২৬ খন জিলাত চলোৱা সমীক্ষাৰ জৰিয়তে কিশোৰ-কিশোৰীসকল মৌলিক আৰু ব্যৱহাৰিক শিক্ষাত কিমান সক্ষম সেয়া নিৰ্ধাৰণ কৰা হৈছে। মুঠ ৩৪,৭৪৫ গৰাকী ১৪-১৮ বছৰৰ কিশোৰ-কিশোৰীক লৈ চলোৱা এই সমীক্ষাত তেওঁলোকৰ শিক্ষাৰ মান বুজিবলৈ বিভিন্ন বিষয়ত কেইবাটাও প্ৰশ্ন কৰা হৈছিল। শিক্ষাৰ্থী সকলক নিজ মাতৃভাষাত দ্বিতীয় শ্ৰেণীৰ পাঠ্যক্ৰমৰ এটা শাৰী পঢ়িবলৈ দিয়া হৈছিল। তদুপৰি সৰল ইংৰাজী বাক্যও পঢ়িবলৈ দিয়া হৈছিল। কিশোৰ-কিশোৰীসকলৰ হিচাবৰ সক্ষমতা বুজিবলৈ তৃতীয়-চতুৰ্থ শ্ৰেণীতে পঢ়িবলৈ পোৱা তিনিটা সংখ্যাৰ হৰণ অংক কৰিবলৈ দিয়া হৈছিল, স্কেলেৰে জোখমাখ কৰিবলৈ দিয়া হৈছিল, সময়ৰ হিচাপ উলিয়াবলৈ দিয়া হৈছিল।
একেদৰে বাজেট পৰিচালনাৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকলৰ পাৰদৰ্শিতা জানিবলৈ তেওঁলোক ঋণ, ৰেহাই, পৰিশোধ আদি সৰু সৰু বিষয় সম্পৰ্কে তেওঁলোকক প্ৰশ্ন কৰা হৈছিল। সমান্তৰালভাৱে তেওঁলোকৰ মাজত স্মাৰ্টফোনৰ ব্যৱহাৰ, কি কাৰণত সৰ্বাধিক স্মাৰ্টফোন ব্যৱহাৰ হয় আদি বিষয় পৰ্যবেক্ষণ কৰা হৈছিল এই সমীক্ষাত। আৰু এই জৰীপে প্ৰকাশ কৰা ১৪-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ শিক্ষাৰ মানে এতিয়া স্তম্ভিত কৰিছে দেশৰ শৈক্ষিক মহলক।
বাঢ়িছে বিদ্যালয়ৰ নামভৰ্তি, কিন্ত হ্ৰাস পাইছে শিক্ষাৰ মান
এ এছ ই আৰৰ প্ৰতিবেদন অনুসৰি, ২০২৩ বৰ্ষত সামগ্ৰীকভাৱে দেশত বিদ্যালয়ৰ নামভৰ্তিৰ হাৰ বৃদ্ধি পাইছে। কিন্তু বিদ্যালয়ৰ নামভৰ্তিৰ হাৰ বৃদ্ধি মানেই যে শিক্ষাৰ মান উন্নত হোৱা তেনে নিশ্চয় নহয়। আৰু সেয়াই প্ৰতিফলিত হৈছে এ এছ আই আৰৰ সমীক্ষাৰ প্ৰতিবেদনতো। দেশৰ ২৬ খন ৰাজ্যৰ ২৮ খন জিলাৰ মুঠ ৩৪,৭৪৫ গৰাকী ১৪-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক লৈ চলোৱা সমীক্ষাই বিদ্যালয়ৰ নামভৰ্তি আৰু শিক্ষাৰ মানৰ বৃহত্ ব্যৱধান উদঙাই দিছে। প্ৰতিবেদন অনুসৰি, ৮৬.৮ শতাংশ কিশোৰ-কিশোৰী শৈক্ষিক প্ৰতিষ্ঠানত অধ্যয়নৰত। কিন্তু লক্ষণীয় কথাটো হ’ল বয়স বৃদ্ধিৰ সমান্তৰাভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে নামভৰ্তিৰ হাৰ। ১৪ বছৰ বয়সত নামভৰ্তি নকৰাৰ হাৰ ৩.৯ শতাংশ হোৱাৰ বিপৰীতে ১৮ বছৰ বয়সত এই হাৰ বাঢ়ি গৈ ৩২.৬ শতাংশ হৈ পৰে।
১৪-১৮ বছৰ বয়সৰ অধিকাংশ কিশোৰ-কিশোৰীয়েই কলা শাখা বা তদ্ৰুপ শাখাত অধ্যয়ন কৰি থকাৰ বিপৰীতে ৫৫.৭ শতাংশই একে শাখাত একাদশ শ্ৰেণী বা তাৰ ওপৰত অধ্যয়ন কৰিছে। মন কৰিবলগীয়া কথা হ’ল- বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিত অধ্যয়ন কৰা মহিলাৰ হাৰ হৈছে কেৱল ২৮.১ শতাংশ। ইয়াৰ বিপৰীতে এনে ধৰণৰ শিক্ষা গ্ৰহণ কৰা পুৰুষৰ হাৰ হৈছে ৩৬.৩ শতাংশ। অন্যহাতে কেৱল ৫.৬ শতাংশ কিশোৰ-কিশোৰীয়েহে বৰ্তমান বৃত্তিমূলক প্ৰশিক্ষণ বা তদ্ৰুপ শিক্ষা গ্ৰহণ কৰি থকা বুলিও প্ৰকাশ পাইছে এ এছ ই আৰৰ প্ৰতিবেদনত।
এই প্ৰতিবেদনৰ এটা গুৰুত্বপূৰ্ণ উদ্বেগজনক বিষয় হৈছে দৈনন্দিন শিক্ষাৰ মান। সমীক্ষাত অংশগ্ৰহণ কৰা ১৪-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক কেতবোৰ কাৰ্য সম্পাদন কৰিবলৈ দিয়া হৈছিল। নিজ নিজ মাতৃভাষাত তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ পৰ্যায়ৰ বাক্য পঢ়িবলৈ দিয়া হৈছিল, একে পৰ্যায়ৰ ইংৰাজী বাক্য পঢ়িবলৈ দিয়া হৈছিল। সমান্তৰালভাৱে দৈনন্দিন কাৰ্যত ব্যৱহৃত সৰল হিচাব-নিকাচ, সময় আৰু জোখ-মাখ তথা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীতে পঢ়িবলৈ পোৱা তিনি সংখ্যাৰ হৰণ অংক তেওঁলোকক কৰিবলৈ দিয়া হৈছিল। কিন্তু উদ্বেগজনক বিষয় হৈছে সমীক্ষাত ভাগ লোৱা প্ৰায় ২৫ শতাংশ কিশোৰ-কিশোৰীয়েই নিজৰ মাতৃভাষাত লিখা বাক্যশাৰী ভালদৰে পঢ়িবলৈ সক্ষম নহ’ল। সামগ্ৰীকভাৱ ৫৭.৩ শতাংশই তেওঁলোকক পঢ়িবলৈ দিয়া ইংৰাজী বাক্যশাৰী পঢ়িবলৈ সক্ষম হ’লেও তাৰে দুই-তৃতীয়াংশইহে কি পঢ়িছে সেয়া ক’বলৈ সক্ষম হ’ল।
একেদৰে স্কেলেৰে জোখ-মাখ কৰাৰ সময়ত প্ৰায় ৮৫ শতাংশই ০ চেণ্টিমিটাৰৰ পৰা জোখ আৰম্ভ কৰি জোখ-মাখ কৰিবলৈ সক্ষম হয়। কিন্তু যেতিয়া জোখৰ প্ৰাৰম্ভিক বিন্দু সলনি কৰা হয়, তেতিয়া কেৱল ৩৯ শতাংশইহে জোখ-মাখ সম্পূৰ্ণ কৰে। সমীক্ষাৰ সময়ত কিশোৰ-কিশোৰীসকলক এটা অ’ আৰ এছৰ পেকেট দি তাৰ ওপৰত লিখা থকা তথ্যৰ ওপৰত প্ৰথম শ্ৰেণী পৰ্যায়ৰ চাৰিটা প্ৰশ্ন কৰা হৈছিল। এই পৰীক্ষাত দুই তৃতীয়াংশই চাৰিটা প্ৰশ্নৰ ভিতৰত তিনিটাৰ সঠিক উত্তৰ প্ৰদান কৰিবলৈ সক্ষম হয়।
বিত্তীয় হিচাব-নিকাচৰ সময়ত এই পৰীক্ষাত ভাগ লোৱা ৬০ শতাংশ কিশোৰ- কিশোৰীৰ ভিতৰত ৩৭ শতাংশই হিচাব-নিকাচত ৰেহাই সংযোজন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মাত্ৰ ১০ শতাংশইহে পৰিশোধৰ হিচাব-নিকাচ কৰিবলৈ সক্ষম হয়।
হাতত বাঢ়িছে স্মাৰ্টফোন, কিন্তু মনোৰঞ্জনৰ বাবেহে...
সময়ৰ পৰিৱৰ্তনৰ লগে লগে হাতৰ মোবাইল ফোনটো এতিয়া জীৱনৰ এক অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিছে। শোওতে, বহোঁতে, উঠোতে, খাওতে পুৱা শেতেলী এৰাৰ পৰা নিশা টোপনি যোৱাৰ পৰলৈকে বিভিন্ন কামত ব্যৱহাৰ হয় হাতৰ স্মাৰ্টফোনটো। কোভিড মহামাৰীৰ পিছৰ পৰ্যায়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো শিক্ষাই ডিজিটেল ৰূপ লাভ কৰিছিল। আৰু এই সময়ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন ক্লাছত ভাগ ল’বলৈ স্মাৰ্ট ফোন বা ডিজিটেল ডিভাইচ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। বৰ্তমান অধিকাংশ শিক্ষাৰ্থীৰ হাততে বা পৰিয়ালত এটা হ’লেও স্মাৰ্টফোন আছে। কিন্তু কিমানে এই স্মাৰ্টফোনটো সঠিক কামত ব্যৱহাৰ কৰে?
এ এছ ই আৰৰ সমীক্ষাত ভাগ লোৱা কিশোৰ-কিশোৰীসকলৰ ভিতৰত ৯০ শতাংশৰ ঘৰতে স্মাৰ্টফোন আছে আৰু ৮৯ শতাংশয়েই স্মাৰ্টফোনৰ ব্যৱহাৰ জানে। লক্ষণীয় কথাটো হ’ল- ইয়াৰে ৮০ শতাংশ কিশোৰ-কিশোৰীয়েই কেৱল মনোৰঞ্জনৰ বাবে যেনে চিনেমা চাবলৈ আৰু গীত শুনিবলৈ স্মাৰ্টফোন ব্যৱহাৰ কৰে। সমীক্ষা অনুসৰি ৪৪ শতাংশ ল’ৰাৰ হাতত ডিজিটেল ডিভাইচ থকাৰ বিপৰীতে মাত্ৰ ১৯.৮ শতাংশ ছোৱালীৰ হাততহে স্মাৰ্টফোন আছে। ঘৰত লেপটপ/কম্পিউটাৰ থকা কিশোৰ-কিশোৰীৰ হাৰ হৈছে মাত্ৰ ৯ শতাংশ। ব্যৱহাৰৰ ক্ষেত্ৰত ৫০ শতাংশ পুৰুষৰ ইমেইল আইডি আছে, আনহাতে মাত্ৰ ৩০ শতাংশ মহিলাৰহে ইমেইল আইডি আছে। ৯০ শতাংশ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে যদিও অনলাইন ছিকিউৰিটি চেটিংছৰ বিষয়ে মাত্ৰ ৫০ শতাংশ হে অৱগত। ৬৬ শতাংশই শিক্ষা সম্পৰ্কীয় কামৰ বাবে ব্যৱহাৰ কৰে। প্ৰায় ৬৬ শতাংশই নেভিগেচন সঁজুলিৰ বাবে গুগল মেপ ব্যৱহাৰ কৰে।
সমীক্ষা অনুসৰি, ৯০.৫ শতাংশ কিশোৰ-কিশোৰীয়েই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত এই ব্যৱহাৰৰ হাৰ হৈছে ক্ৰমে- ৯৩.৪ শতাংশ আৰু ৮৭.৮ শতাংশ। সকলো কিশোৰ-কিশোৰীয়েই সামাজিক মাধ্যম ব্যৱহাৰ কৰিলেও ইয়াৰ আধা সংখ্যকহে অনলাইন সুৰক্ষা চেটিংছৰ বিষয়ে অৱগত। ছোৱালীতকৈ ল’ৰাসকলে এই সুৰক্ষা চেটিংছৰ বিষয়ে অধিক অৱগত। সমীক্ষাৰ সময়ত এই কথা জনা যায় যে অংশগ্ৰহণকাৰী সকলৰ মাজৰ দুই-তৃতীয়াংশই কেতিয়াবা নহয় কেতিয়াবা শিক্ষামূলক অনলাইন ভিডিঅ’, পাঠ্যক্ৰমৰ সমস্যাৰ সমাধান বা নোট আদান-প্ৰদানৰ দৰে শৈক্ষিক কাম নিজৰ স্মাৰ্টফোনৰ জৰিয়তে কৰিছে। বৰ্তমান অধ্যয়নৰত হৈ নথকা এক তৃতীয়াংশইও একে কাৰণত স্মাৰ্টফোন ব্যৱহাৰ কৰিছে।
সমীক্ষাৰ সময়ত ৮০ শতাংশ ল’ৰা-ছোৱালীয়ে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি ইউটিউবত ভিডিঅ’ বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু ৯০ শতাংশই সেই ভিডিঅ’ শ্বেয়াৰ কৰে। ৭০ শতাংশই ইন্টাৰনেটত তথ্যৰ সন্ধান কৰিবলৈ সক্ষম হোৱাৰ লগতে দুই তৃতীয়াংশই এলাৰ্ম চেট কৰিবলৈ সক্ষম হয়। সমগ্ৰ ক্ৰিয়া-কলাপত ছোৱালীতকৈ ল’ৰাই অধিক ভাল প্ৰদৰ্শন কৰিব পাৰে।
নিজৰ কেৰিয়াৰক লৈ বিভ্ৰান্ত যুৱ প্ৰজন্ম!
বাৰ্ষিক শিক্ষাৰ স্থিতি প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, ভাৰতৰ প্ৰায় ২০ শতাংশ যুৱক-যুৱতী নিজৰ কেৰিয়াৰ বিকল্পক লৈ বিভ্ৰান্ত। এ এছ ই আৰৰ ২০২৩ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, প্ৰতি পাঁচগৰাকী যুৱক-যুৱতীৰ মাজত এগৰাকীয়ে তেওঁলোকে গ্ৰহণ কৰিব বিচৰা নিৰ্দিষ্ট কেৰিয়াৰ বা চাকৰিটো চিনাক্ত কৰিবলৈ অসমৰ্থ। ইয়াৰ উপৰিও সমীক্ষাত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ মাত্ৰ ১১.৫ শতাংশইহে তেওঁলোকৰ স্কুল বা কলেজৰ এনে এজন সমনীয়াক চিনি পায় যিজনে তুলনামূলক কামত নিয়োজিত হৈ আছে। ইয়াৰ তুলনাত মাত্ৰ ১৫.৭ শতাংশইহে পৰিয়ালৰ এনে এজন সদস্যৰ বিষয়ে অৱগত, যিয়ে তেওঁলোকে প্ৰৱেশ কৰিব বিচৰা একেটা কেৰিয়াৰত আছে। এ এছ ই আৰৰ প্ৰতিবেদনত এইটোও দেখা গৈছে যে ৪৮.৩ শতাংশ যুৱতী আৰু ৪২.৫ শতাংশ যুৱকপ অভিলাষী কেৰিয়াৰৰ বাবে আদৰ্শ নাই।
এই সমীক্ষাত প্ৰথমবাৰৰ বাবে উন্মোচিত হৈছে যুৱক-যুৱতীৰ কৰ্ম আকাংক্ষা। আমোদজনক কথাটো হ’ল, সৰ্বভাৰতীয় পৰ্যায়ত ৬ শতাংশ ল’ৰাৰ তুলনাত ১৬ শতাংশ ছোৱালীয়ে শিক্ষক হোৱাৰ আকাংক্ষা কৰে। আনহাতে ১৫ শতাংশ ছোৱালী আৰু ৭ শতাংশ ল'ৰাই চিকিত্সক হিচাপে নিজৰ কেৰিয়াৰ বাছি লোৱাৰ আগ্ৰহ ব্যক্ত কৰে। একেদৰে আৰক্ষী বাহিনীত ১৩.৬ শতাংশ ল’ৰাই আৰু ১২.৫ শতাংশ ছোৱালীয়ে যোগদানৰ আকাংক্ষা প্ৰকাশ কৰে। অৱশ্যে সামৰিক বাহিনীত যোগদানৰ পছন্দ পুৰুষকেন্দ্ৰিক। সেইদৰেই ছোৱালীতকৈ (৩.৪%) অধিক সংখ্যক ল’ৰাই (৯.৬%) অভিযন্তা হোৱাৰ আকাংক্ষা কৰে।
অসমত কিমান শিক্ষিত ১৪-১৮ বছৰীয়া কিশোৰ-কিশোৰী?
সমগ্ৰ ভাৰতৰ ৰাজ্যৰ লগতে এ এছ ই আৰৰ সমীক্ষা চলোৱা হৈছিল অসমতো। অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ ৬০ খন গাঁৱত এই সমীক্ষা চলোৱা হৈছিল। বকোৰ জৱাহৰ নেহৰু কলেজ আৰু বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজৰ স্বেচ্ছাসেৱকৰ জৰিয়তে চলোৱা এই সমীক্ষাইও দেশৰ অইন প্ৰান্তৰ দৰে অসমৰ শিক্ষাৰ বাস্তৱ ছবিখন উদঙাই দিছে। এই সমীক্ষা অনুসৰি ১৪-১৮ বছৰ বয়সৰ ৯২.৩ শতাংশ কিশোৰ-কিশোৰীয়ে কোনো শৈক্ষিক প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকাৰ বিপৰীতে ৬৯ শতাংশই চৰকাৰী প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। কিন্তু লক্ষণীয় কথাটো হ’ল ৭.৭ শতাংশ কিশোৰ-কিশোৰী কোনো শিক্ষা গ্ৰহণ কৰি নাই।
সমীক্ষাৰ প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে বয়স বৃদ্ধিৰ লগে লগে অনাশৈক্ষিক কিশোৰ-কিশোৰীৰ সংখ্যাও বৃদ্ধি পায়। আনহাতে ছোৱালীতকৈ (১৩.৫ শতাংশ) ল’ৰাই (১৭.৫ শতাংশ) বেছি শিক্ষা গ্ৰহণ কৰি নাই। ৯.৯ শতাংশই বৃত্তিমূলক প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ বিপৰীতে ২২.৭ শতাংশ ঘৰুৱা কামৰ বাহিৰে অন্য কামত নিয়োজিত হৈ থকা বুলিও এ এছ ই আৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।
Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!
কামৰূপত কমেও ৫৯.৫ শতাংশ ল’ৰা-ছোৱালী মাতৃভাষাত দ্বিতীয় শ্ৰেণী পৰ্যায়ৰ নিৰ্ধাৰিত শাৰীটো পঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে কেৱল ১৯.৯ শতাংশইহে এ এছ ই আৰৰ দ্বাৰা প্ৰদান কৰা হৰণ অংক কৰিবলৈ সক্ষম হয়। ইফালে সমীক্ষাত অংশগ্ৰহণ কৰা কিশোৰ-কিশোৰীসকলৰ ৫২.৫ শতাংশই ইংৰাজী ভাষা পঢ়ি শুনাব পাৰে। আনহাতে যিসকলে প্ৰথম শ্ৰেণী পৰ্যায়ৰ বাক্য পঢ়িবলৈ সক্ষম হয়, তাৰ ভিতৰত কেৱল ৫৮.৩ শতাংশইহে মেডিচিনৰ পেকেটত থকা তথ্যৰ ৪টাৰ ভিতৰত ৩টা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হয়। একেদৰে ৫৩.৩ শতাংশই বাজেট পৰিচালনা, ৩৪.৪ শতাংশই ৰেহাই সংযোজন আৰু মাত্ৰ ৭.৪ শতাংশই পৰিশোধৰ হিচাপ কৰি দেখুৱাবলৈ সক্ষম হয়।
সমীক্ষাৰ প্ৰতিবেদন অনুসৰি অংশগ্ৰহণকাৰী কিশোৰ-কিশোৰীৰ ভিতৰত ৯১.৩ শতাংশৰ হাতত বা ঘৰত স্মাৰ্টফোন আছে যদিও অধিকাংশই কেৱল মনোৰঞ্জনৰ বাবেহে এই স্মাৰ্টফোন ব্যৱহাৰ কৰে। লিংগৰ দিশৰ পৰা চাবলৈ গ’লে ৪৫.৩ শতাংশ ল’ৰাৰ হাতত স্মাৰ্টফোন থকাৰ বিপৰীতে মাত্ৰ ২৮.৭ শতাংশ ছোৱালীয়েহে স্মাৰ্টফোন ব্যৱহাৰ কৰে। ৭০.৪ শতাংশই সপ্তাহত অন্ততঃ এবাৰ শিক্ষামূলক কাৰ্যৰ বাবে স্মাৰ্টফোনৰ ব্যৱহাৰ কৰে। আনহাতে ৯০ শতাংশ কিশোৰ-কিশোৰীয়েই ব্যৱহাৰ কৰে সামাজিক মাধ্যম। ৬৭.৩ শতাংশই স্মাৰ্টফোনত এলাৰ্ম চেট কৰিব জনাৰ বিপৰীতে ৫১.৬ শতাংশহে ইণ্টাৰনেটত তথ্যৰ সন্ধান কৰিবলৈ সক্ষম আৰু কেৱল ২৪ শতাংশইহে গুগল মেপ ব্যৱহাৰ কৰিব জানে।
বিদ্যালয়লৈ যোৱা মানেই জ্ঞান আহৰণ নহয়!
১৪ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ এগৰাকী কিশোৰ বা কিশোৰীয়ে দ্বিতীয় শ্ৰেণীত পঢ়ুওৱা মাতৃভাষাৰ এশাৰী বাক্য ভালদৰে পঢ়িব নোৱাৰাটো বা দৈনন্দিন জীৱনত প্ৰয়োজনীয় সৰল হিচাব-নিকাচ এটা কৰিব নোৱাৰাটো স্বাভাৱিকতেই এক উদ্বেগজনক বিষয়। ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত শিক্ষাৰ এনে অৱনমিত ধাৰাই সমাজ আৰু অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰে বহু শিক্ষাবিদে। বহুতৰ মতে, কিশোৰ-কিশোৰীসকলৰ এনে পাৰদৰ্শিতাই তেওঁলোকৰ কৰ্মদক্ষতা হ্ৰাস কৰাৰ উপৰিও সংস্থাপন লাভত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ ফলত তেওঁলোকে ভৱিষ্যতে অৰ্থনৈতিক অস্থিৰতাৰ মাজত জীৱন-যাপন কৰিবলগীয়া হ’ব পাৰে।
দেশজুৰি এ এছ ই আৰ সমীক্ষা চলোৱা বে-চৰকাৰী সংস্থা প্ৰথমৰ এগৰাকী সদস্যই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে এ এছ ই আৰৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যৰ বাবে চৰকাৰে উদ্বেগ প্ৰকাশ কৰা উচিত। ১৪ৰ পৰা ১৮ বছৰ বয়সৰ এগৰাকী কিশোৰ বা কিশোৰীয়ে দ্বিতীয় শ্ৰেণীৰ সমস্যাৰ সমাধান কৰিব নোৱাৰাটো এক চিন্তাজনক বিষয় বুলি মন্তব্য কৰি তেওঁ কয়, “আমাৰ সমীক্ষাৰ পৰিসৰ যদিও সৰু আছিল, তথাপিও ইয়েই আমাৰ দেশৰ শিক্ষাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। বিদ্যালয়লৈ গৈ থকা মানেই শিক্ষা লাভ কৰা নিশ্চয় নহয়। চৰকাৰে বিভিন্ন আঁচনি আনিছে ল’ৰা-ছোৱালীৰ নামভৰ্তিৰ হাৰ বৃদ্ধি কৰিবলৈ। বিদ্যালয়ত মধ্যাহ্ন ভোজন প্ৰদান কৰা হৈছে, বিনামূলীয়া ইউনিফৰ্ম, কিতাপ যোগান ধৰা হৈছে। কিন্তু বিদ্যালয়ত শিক্ষকৰ দ্বাৰা কেনে ধৰণৰ শিক্ষা প্ৰদান কৰা হৈছে? এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ভৱিষ্যতে এটা সুস্থিৰ সংস্থাপন লাভ কৰিব পৰাকৈ শিক্ষা লাভ কৰিছে নে নাই তাৰ ওপৰতো সমানে গুৰুত্ব প্ৰদান কৰা উচিত।”
শিক্ষাবিদ বীৰেন্দ্ৰ কুমাৰ নাথে এ এছ ই আৰৰ প্ৰতিবেদন আৰু বৰ্তমানৰ শিক্ষাৰ অৱনতি সন্দৰ্ভত কয়, “এ এছ ই আৰৰ সমীক্ষাৰ পৰিসৰ সীমিত। সেই হিচাপত এই সমীক্ষাৰ প্ৰতিবেদন এশ শতাংশই সঠিক বুলি নিশ্চয় ক’ব নোৱাৰি। কিন্তু এই সমীক্ষাৰ পৰা অন্ততঃ এটা আভাস ল’ব পাৰি। এই কথা সঁচা যে বিদ্যালয়ত নামভৰ্তিৰ হাৰ বাঢ়িছে যদিও শিক্ষাৰ মানদণ্ড দিনক দিনে বেয়াহে হৈছে। পূৰ্বৰ শিক্ষা ব্যৱস্থাৰ লগত তুলনা কৰিলে নতুন শিক্ষা ব্যৱস্থাত বহুতো ক্ৰুটি চকুত পৰে। ইয়াৰ কেইবাটাও কাৰণ হ’ব পাৰে। বৰ্তমান সময়ৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকল একো একোজন পেছাদাৰী শিক্ষক হৈ পৰিছে। তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কোনো মতলব নাই, কেৱল মাহৰ মূৰকত দৰমহা কেইটা পালেই হ’ল।"
নাথে লগতে কয়, “নতুন শিক্ষানীতিৰে ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিক্ষাৰ বোজাহে জাপি দিয়া হৈছে, তেওঁলোকক শিক্ষিত কৰা হোৱা নাই। ভাটৌৰ দৰে মুখস্ত মাতি তেওঁলোকে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিছে যদিও পৰীক্ষাৰ পিছতে কি পঢ়িছে, সেয়া পাহৰি গৈছে। যাৰ ফলত ভাল নম্বৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰজনেও দুবছৰ পিছত একেটা শ্ৰেণীৰ একেখন পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ দিবলৈ অসমৰ্থ হৈছে। এয়া শিক্ষা ব্যৱস্থাৰ ভুল। ”
শিক্ষাবিদ বীৰেন্দ্ৰ কুমাৰ নাথৰ মতে, এল পি আৰু এম ইৰ ছাত্ৰ-ছাত্ৰীক জোৰ কৰি ইংৰাজীত পাঠ পঢ়ুওৱাটোও তেওঁলোকৰ প্ৰকৃত শৈক্ষিক বিকাশত হেঙাৰ হৈ পৰে। তেওঁ এই কথা বিষদভাৱে আলোচনা কৰি কয়, “অসমৰ পঞ্চম বা ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ মাতৃভাষা সাধাৰণতে অসমীয়া। সৰুৰে পৰাই তেওঁলোকে পৰিয়াল, ওচৰ-চুবুৰীয়া সকলোৰে পৰা কেৱল অসমীয়া ভাষাই শুনে আৰু শিকে। কিন্তু বিদ্যালয়ত যেতিয়া তেওঁলোকক হঠাত্ ইংৰাজীতে পঢ়ুৱাবলৈ আৰম্ভ কৰা হয়, তেতিয়া তেওঁলোকৰ বৌদ্ধিক মনঃস্তত্বত ব্যাঘাত জন্মে। কি পঢ়িছে সেয়া বুজি হৃদয়ংগম কৰাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰাত অৱশেষত মাৰ্কছ আৰু গ্ৰেডৰ তাগিদাত তেওঁলোকে পাঠ্যপুথিৰ বিষয়বোৰ মুখস্ত কৰিবলগীয়া হয়। আৰু সমস্যা ইয়াৰ পৰাই আৰম্ভ হয়।”
“এ এছ ই আৰৰ প্ৰতিবেদনত যি তথ্য প্ৰকাশ কৰা হৈছে, সেয়া চিন্তনীয়। যদিও সমীক্ষাৰ পৰিসৰ সৰু, তথাপিও ইয়ে মোটামুটি ছবি এখন আমাৰ আগত তুলি ধৰিছে। ১৪ৰ পৰা ১৮ বছৰৰ ল’ৰা বা ছোৱালী এজনীয়ে যদি এটা অংক কৰিব নোৱাৰে, এটা শাৰী ভালকৈ পঢ়িব নোৱাৰে, তেওঁলোকৰ পৰা দেশৰ উন্নয়নত কি অৱদান আশা কৰিব পাৰি? অৱশ্যে পাঠ্যপুথিৰ শিক্ষাই সকলো নহয়, কিন্তু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰতিটো বিষয়েই এজন ল’ৰা-ছোৱালীয়ে জানিবই লাগিব। নহ’লে তেওঁলোক সহায় পিছপৰি থাকিব লাগিব। আৰু দেশৰ ৫ শতাংশ লোকো যদি পিছ পৰি থাকে, তেন্তে দেশ আগবাঢ়িছে বুলি কোৱাটো ভুল হ’ব।” –বীৰেন্দ্ৰ কুমাৰ নাথে লগতে কয়।