চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিত আজি আশাকৰ্মীসকলে এক প্ৰতিবাদী সমদল উলিয়ায়। আশা কৰ্মীসকলৰ সমস্যা সমাধানৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত এইদৰে ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম আশাকৰ্মী সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী, স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালককে প্ৰমূখ্য কৰি মিছন কাৰ্য্যালয়ৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়ববীয়াৰ লগত কেইবাবাৰো আলোচনাত মিলিত হৈছিল।