60
জাজৰিঃ জাজৰিৰ নিকটবৰ্তী মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মীপ্ৰসাদ দেৱগোস্বামীলৈ ২০১৬-১৭ বৰ্ষৰ এছিয়া শান্তি উৎকৰ্ষ বঁটা (এছিয়া পেচিফিক এক্সেলেঞ্চ এৱাৰ্ড) আগবঢ়োৱা হৈছে।
বন্যপ্ৰাণী সংৰক্ষন, জনসজাগতা বৃদ্ধি, জাতি-ধৰ্ম-বৰ্ণ-জনগোষ্ঠীৰ মাজত শান্তি আৰু সাংস্কৃতিক ঐক্য স্থাপনৰ দিশত নগাঁও আৰু মৰিগাঁও জিলাত অধ্যক্ষ গৰাকীয়ে তিনিদশক ধৰি একাগ্ৰতাৰে কাম কৰি আহিছে।