গুৱাহাটীঃ শিক্ষাৰ মান উন্নয়নৰ বাবে চৰকাৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ DElEd বাধ্যতামূলক কৰি দিছে। আৰু চৰকাৰে এই সমগ্ৰ ব্যৱস্থাটো পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে State Council of Education Research and Training, চমুকৈ SCERTক।
কিন্তু এই দায়িত্ব পালনত ব্যৰ্থ হৈছে SCERT। যোৱা 23 মাৰ্চৰপৰা অনুষ্ঠিত হোৱা পৰীক্ষাৰ সময়সূচী অনুসৰি শনিবাৰে দুপৰীয়া দুই বজাৰপৰা “যোগ শিক্ষা”ৰ পৰীক্ষা আছিল। কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে উক্ত বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হৈ যায়। যাৰ বাবে যোগা বিষয়ৰ পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়।