চৰাইদেউঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক গঢ় দিয়াৰ হোতা আহোমৰ প্ৰথম ৰজা ৰাজকুমাৰ চ্যুকাফাক শুকুৰবাৰে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে স্মৰণ কৰে৷ বৰ্ণিল আহোম সাম্ৰাজ্যৰ গুৰি ধৰোতা তথা এই সাম্ৰাজ্যৰ প্ৰতিস্থাপক ৰাজকুমাৰ চ্যুকাফা তথা অসম দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউৰ সোণাৰিত পালন কৰে৷
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতিৰ সহযোগত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা চ্যকাফা দিৱসত শনিবাৰে পুৱাই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই শোণাৰিবাসীক মোহিত কৰে৷ ৰাজ্যৰ খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি পৰম্পৰাগত নৃত্যৰ দল, সাংস্কৃতিক দলে বৰ অসমৰ ঐক্য-সংহতিৰ এনাজৰী সদায় কটকটীয়া হৈ থাকিব তাৰেই বাৰ্তা দিয়ে অসমীয়া জাতিক৷