ডিব্ৰুগড়ঃ ৰাজ্যত আপোচবিহীন সংগ্ৰামৰ পাতনি মেলা জাতিৰ হকে মাত মাতি অহা অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে সোমবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে৷ ৰাজ্য খনৰ জাতীয় সমস্যাৰ হকে মাত মাতি অহা সংগঠনটোৱে ১৯৫১ চনক অসমৰ বিদেশী চিনাক্ত কৰণৰ ভিত্তিবৰ্ষ কৰাৰ লগতে বিভিন্ন সমস্যাৰ হকে মাত মাতি আহিছে৷ বিদেশী বিতাৰণ আন্দোলনৰ সিংহপুৰুষ ললিত চন্দ্ৰ ৰাজখোৱাৰ জন্মভূমিত গঠন হোৱা মঞ্চখনে প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ পূৱ টিয়কস্থিত ৰূপজ্যোতি কলামণ্ডলত অনুষ্ঠিত হৈ যায়৷
পুৱা কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰাৰ পিছতে শ্বহীদ তৰ্পন কৰে কেন্দ্ৰীয় মুখ্য উপদেষ্টা জীৱেশ্বৰ শইকীয়াই৷ তাৰ পাছতেই পৰিবেশ সংৰক্ষণৰ বাৰ্তা কঢ়িয়াই টিয়ক নগৰৰ মাজেৰে বাইক ৰেলী উলিয়াই৷ সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা কল্যাণ খনিকৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷