newsnextone.com | নলবাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিদিনে ৰাইজ ৰাজ পথলৈ ওলাই আহিছে৷ জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰৰ লোকে প্ৰতিবাদ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় আহিছে৷

নলবাৰী জিলাতো অব্যাহত আছে প্ৰতিবাদ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ চামতাত ৰাইজে সাহিত্য সভাৰ উদ্যোগত একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে মত পোষণ কৰে৷  চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত এখন ৰাইজ মেল অনুষ্ঠিত হয়৷ ৰাইজ মেলত উপস্থিত থকা লোকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবী জনায়৷

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য গোবিন্দ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত ৰাইজ মেলৰ উদ্দেশ্য বাখ্যা কৰে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে। ৰাইজ মেলত কেইবাজনো লোকে ভাষণ প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনোৱাৰ লগতে এনআৰচি প্ৰকাশৰ পিছত নলবাৰী জিলাত যাতে কোনেও শান্তি, সম্প্ৰতি বিঘ্নিত কৰাৰ অপচেষ্টা কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ হ’বলৈ আহ্বান জনায়৷ কু-সংস্কাৰ, অন্ধবিশ্বাসৰ দৰে জঘন্য ঘটনা সংঘটিত সংঘটিত নহ’বৰ বাবে বিজ্ঞান সন্মত সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰক দাবী জনায়। ৰাইজ মেলত ৫ শতাধিক লোকে গণ স্বাক্ষৰ প্ৰদান কৰে৷