newsnextone.com | নলবাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিদিনে ৰাইজ ৰাজ পথলৈ ওলাই আহিছে৷ জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰৰ লোকে প্ৰতিবাদ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় আহিছে৷
নলবাৰী জিলাতো অব্যাহত আছে প্ৰতিবাদ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ চামতাত ৰাইজে সাহিত্য সভাৰ উদ্যোগত একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে মত পোষণ কৰে৷ চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত এখন ৰাইজ মেল অনুষ্ঠিত হয়৷ ৰাইজ মেলত উপস্থিত থকা লোকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবী জনায়৷