Home ৰাজ্যকুলাই-পাচিয়ে নধৰা হৈছে ASRF জোৱানৰ দুখ, সোণোৱাল চৰকাৰে দিয়া নাই দৰমহা

কুলাই-পাচিয়ে নধৰা হৈছে ASRF জোৱানৰ দুখ, সোণোৱাল চৰকাৰে দিয়া নাই দৰমহা

by News Desk
90 views
A+A-
Reset

নলবাৰীঃ এতিয়া প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈছে নলবাৰী আখৰাস্থিত ASRF জোৱানৰ পৰিয়ালে৷ এসাজ ভাতৰ বাবে ককবকাব লগা হয় সন্তানৰ সন্মুখত৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময় মতে নাপােৱাৰ ফলত দিন নোযোৱা হৈছে তেওলোকৰ৷ কিয়নো তেওলোকে মাহৰ পিছত মাহ ধৰি পোৱা নাই দৰমহা৷ ASRF জোৱানৰ কোলাই-পাচিয়ে নধৰা হৈছে দুখ৷

যাৰ ফলত নলবাৰী আখৰাস্থিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ অধিনায়কৰ কাৰ্যালয়ত মঙলবাৰে জোৱানসকলে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়৷ উল্লেখ্য যে, বিগত ডিচেম্বৰ মাহৰ পৰা জোৱানসকলে দৰমহা লাভ কৰা নাই৷ জোৱানসকলৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে৷ দৰমহা বিচাৰি জোৱানসকলে কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম চৰকাৰ হায় হায়, আমাৰ দৰমহা মোকলাই দিয়ক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰে৷ আনহাতে, বিষয়া জোনালী পাটগিৰীয়ে কোনো সহাৰি নিদিয়াৰো অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0