গোলকগঞ্জঃ ধুবুৰীত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান৷ ইতিমধ্যে ধুবুৰীত ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে সামৰণি অনুষ্ঠানৰ৷ তাৰ মাজতে অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলে ধবুৰী জিলা ভ্ৰমণ কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় সোমবাৰে৷
সভাৰ প্ৰধান সম্পাদক পৰনমান্দ ৰাজবংশীৰ নেতৃত্বত উপস্থিত হোৱা দলটোৱে ধুবুৰীৰ কেইবাঠাইত সভা অনুষ্ঠিত কৰি ৰাইজৰ সৈতে মুখামুখী হয়৷ অনুষ্ঠানত ৰাইজৰ সহায় সহযোগ কামনা কৰে শতবৰ্ষ অনুষ্ঠানত৷ সাহিত্য সভাৰ দলটোৱে শতবৰ্ষ সামৰণি অনুষ্ঠান সুন্দৰ কৰি তোলা হ’ব বুলি কয়৷