তেজপুৰঃ অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যাব বুলি আশংকা ব্যক্ত কৰিলে অসম সাহিত্য সভাই৷ দেওবাৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেজপুৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ অসমৰ পৰিস্থিতি গণতান্ত্ৰিক হৈ নাথাকিব বুলি আশংকা ব্যক্ত কৰে৷
পৰমানন্দ ৰাজবংশীয়ে কয় ‘‘যদি অসম-ভাৰত চৰকাৰে জোৰকৈ বাংলাদেশী অসমক জাপি দিয়ে তেন্তে পৰিস্থিতি গণতান্ত্ৰিক হৈ নাথাকে৷ হিন্দু নাগৰিক সংস্থাপনৰ সিদ্ধান্তক আমি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকে নস্যাৎ কৰিছো৷ কাৰ্যনিৰ্বাহকে নস্যাৎ কৰাৰ পিছত আৰু কোনো তথা নাথাকে৷ যিহেতু এই খন চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী জাতীয় জীৱনৰ পৰা আহিছে, নিশ্চয় তেওঁ অসমত বাংলাদেশী জাপি দিয়াটো নিবিচাৰিব৷’’