67
ডিব্ৰুগড়/তিনিচুকীয়া/বাইহাটা চাৰিআলি/যোৰহাট/গোলাঘাট/গোৱালপাৰা/গুৱাহাটীঃ অসমৰ কেইটামান সংগঠনক দিল্লীলৈ মাতি নি মঙলবাৰে যুটীয়া সংসদীয় সমিতিয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷ দিল্লীৰ সংসদ ভৱনত মঙলবাৰে পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত বৈঠকত ৰাজ্যৰ ১২টা সংগঠনে অংশ লোৱা বুলি জানিব পৰা গৈছে৷ যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
