বিশ্বনাথ/গুৱাহাটী/মুছলপুৰঃ মানুহবোৰৰ হৈছে কি? অসমীয়াক বিশ্বই জানে শান্তিপ্ৰিয়, সমাজপ্ৰিয়, নাৰীক সন্মান দিব জনা জাতি বুলি৷ তেনে এখন ৰাজ্যত এতিয়া প্ৰতিটো ঘণ্টাৰ মূৰকত এটাৰ পিছত সংঘটিত হৈছে আন এটা ধৰ্ষণ কাণ্ড৷ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আকৌ ৩টাকৈ যৌন নিৰ্যাতন-ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
আচিফাৰ পৰা আৰম্ভ কৰি উন্নাওলৈকে লোমহৰ্ষক ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে অসমত ৭-৮ ত বছৰীয়া শিশু কন্যাক যৌন নিৰ্যাতন, ধৰ্ষণ, হত্যা কৰাৰ খবৰ পোহৰলৈ আহিব ধৰিছে।