ধুবুৰীঃ টেট শিক্ষকৰ আত্মহত্যাৰ ঘটনাত জৰিত থকাৰ অভিযোগত ধুবুৰী আছুৰ সভাপতি সহেল উদ্দিন আহমেদক সংগঠনটোৰ পৰা বহিস্কাৰ কৰে৷ যোৰহাট জিলাৰ মৰিয়নিৰ টেট শিক্ষকক ব্লেক মেইলিং কৰাৰ ফলত আত্মহত্যা কৰা ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত আটক কৰাৰ পিছতেই সহেল উদ্দিন আহমেদক আছুৰ পৰা বহিস্কাৰ কৰে৷ 

শিক্ষকগৰাকীক ধন দাবী কৰাৰ ঘটনাৰ সৈতে জৰিত আছিল বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে আৰক্ষীয়ে আটক কৰাত আছু নেতাগৰাকীক জাতীয় সংগঠনটোৰ পৰা শুকুৰবাৰে বহিস্কাৰ কৰে৷ ধুবুৰী জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিত প্ৰধানী আৰু সাধৰণ সম্পাদক সৌৰভ ভট্টচাৰ্যই আছুৰ পেড যোগে এই কথা অৱগত কৰে৷ 

ধুবুৰীৰ চৰত শিক্ষকক ব্লেকমেইলিং কৰা ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত তিনি অভিযুক্তক ২৯ মাৰ্চৰ নিশা আটক কৰিছিল৷ এজন যুৱ শিক্ষকে আত্মহত্যা কৰাৰ পূৰ্বে ফেচবুকত লিখি থৈ যোৱা এখন চিঠিয়ে তোলপাৰ লগােৱাৰ পিছতেই যোৰহাট জিলাৰ মৰিয়নি আৰক্ষী আৰু ধুবুৰী আৰক্ষী সষ্টম হৈ পৰে৷ 

এই কাণ্ডই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হয়৷ উদ্দিন শ্বেখ, সহেল নায়াজ খণ্ডকাৰ আৰু সহেল উদ্দিন আহমেদক আটক কৰিছিল ধুবুৰী আৰক্ষীয়ে৷ যোৰহাট জিলাৰ মৰিয়নিৰ ৰিবুল মালি নামৰ যুৱ শিক্ষকজনে ২০১২ চনৰ পৰা ধুবুৰীৰ এটি অতি পিছপৰা চৰ অঞ্চলত অনিয়মীয়া শিক্ষক হিচাবে কাম কৰি আছিল। 

পত্নী আৰু এটি কণমানি পুত্ৰৰ সৈতে ধুবুৰীত বাস কৰা থকাৰ সময়ত তেওঁক একাংশ লোকে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ খোদ ফেচবুকত লিখি থৈ যোৱা এটি আপডেটত।

তেওৰ পত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি মাহেকত ৫ হাজাৰ টকাকৈ লৈ আহিছিল বুলি অভিযোগ উত্থাপন হয়৷ ব্লেকমেইলিং কৰাৰ ফলত ভাগি পৰি অৱশেষত ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে যুৱ শিক্ষকেজনে৷ 

জানিব পৰা মতে, শিক্ষক ৰিবুল মালিৰ পত্নীয়ে ধুবুৰীৰ এগৰাকী যুৱকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল৷ সেই যুৱকজনে অশ্লীল কাৰ্যৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে আৰু সেই ভিডিঅ’ৰে ব্লেকমেইলিং কৰা বুলি অভিযোগ উত্থাপন হয়৷ 

ইমানে নহয় শিক্ষক ৰিবুল আৰু কণ মানি সন্তানটোকো এৰে পত্নীয়ে৷ ২৬ মাৰ্চত তেওঁৰ সন্তান, পত্নী আৰু শিক্ষামন্ত্ৰীক উদ্দেশ্যি এখন ফেচবুকত চিঠি লিখাৰ প্ৰায় ১০ মিনিট পিছতেই যোৰহাটৰ মৰিয়নি ৰেলষ্টেছনৰ সমীপত আত্মহত্যা কৰে শিক্ষকজনে৷ তেওঁ ফেচবুকত লিখা চিঠিখনত ধুবুৰীৰ সেই অঞ্চলটোৰ পৰিৱেশ ভাল নোহোৱাৰ লগতে এটি বিশেষ সম্প্ৰদায়ৰ কথা উল্লেখ কৰে৷

য’ত শিক্ষক, নাৰী আৰু শিক্ষকৰ পৰিয়ালৰ কোনো নিৰাপত্তা নাই বুলি কয়৷ তাৰ মানুহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তাত কোনো পৰিৱেশ নাই বুলি কয়৷ একাংশ লোকে ভোকাতুৰ শগুণৰ দৰে খাপ পিটি ৰৈ থাকে বুলিও উল্লেখ কৰে শিক্ষক ৰিবুলে৷