• অযোগ্য বিবেচিতসকলে লাভ কৰিব পুনৰ দাবী জনোৱাৰ সুযোগ 

  • এই তালিকাত নাথাকে দাবী-আপত্তিৰ ফলাফল

বিশ্বনাথ চাৰিআলিঃ নাগৰিকত্ব বিধি, ২০০৩ৰ পৰিশিষ্টৰ ৫ নং দফাৰ অধীনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এখন অতিৰিক্ত তালিকা প্রকাশৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ২০১৮ চনৰ ৩০ জুলাই তাৰিখে প্রকাশিত সম্পূর্ণ খচৰা এন আৰ চিত নাম অন্তর্ভুক্ত হােৱা কিন্তু পিছত অন্তর্ভুক্তিৰ বাবে অযােগ্য বিবেচিত হােৱা ব্যক্তিসকলৰ নাম সন্নিৱিষ্ট কৰি খচৰা এন আৰ চিৰ অতিৰিক্ত ‘বাদ' পৰা সকলৰ তালিকা এখন কাইলৈ, অৰ্থাৎ ২৬ জুন, ২০১৯ তাৰিখে প্রকাশ কৰা হ'ব। 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাত অযোগ্য বিবেচিত হােৱাৰ কাৰণসমূহ হৈছে খচৰা এন আৰ চি প্রকাশৰ পিছত পৰিশিষ্টৰ ৪(৩) দফাৰ অধীনত কাৰ্যকৰী কৰা পৰীক্ষণ মর্মে কোনাে কাৰণবশতঃ প্রযােজ্য অনুসাৰে, যেনে ‘ডি ভি’ (সন্দেহজনক ভােটাৰ) বা ‘ডি এফ’ (ঘােষিত বিদেশী)বা ‘পিএফ টি (বিদেশী ন্যায়াধীকৰণত গােচৰ বিচাৰাধীন ব্যক্তি) বা তেওঁলােকৰ সতি-সন্ততিৰূপে পৰিগণিত হৈ অযােগ্য বিবেচিত হােৱা আৰু দাবী আৰু আপত্তি নিষ্পত্তিৰ বাবে অনুষ্ঠিত শুনানিত কেৱল সাক্ষী হিচাবে উপস্থিত হােৱাৰ সময়ত অযােগ্যৰূপে পৰিগণিত হােৱা। 

উল্লেখযোগ্য যে এই অতিৰিক্ত তালিকাত কেৱল অযােগ্য বিবেচিত হােৱা ব্যক্তিসকলৰ নামহে থাকিব। এই অতিৰিক্ত তালিকাত দাবী আৰু আপত্তি নিষ্পত্তিৰ কোনো ফলাফল নাথাকে। জনসাধাৰণৰ দৰ্শনৰ বাবে খচৰা এন আৰ চিৰ এই অতিৰিক্ত তালিকা কাইলৈ পুৱা ১০ বজাত মনােনীত এন আৰ চি সেৱা কেন্দ্র (এন এছ কে), জিলা উপায়ুক্ত, মহকুমাধিপতি (অসামৰিক) আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ'ব। এই তালিকা অনলাইন যোগেও চাব পাৰিব। তাৰ বাবে চাওঁতাই এন আৰ চিৰ www.nrcassam.nic.in ৱেবচাইটত "Complete Draft NRC Viewing Link" (খচৰা এন আৰ চি ভিউইং লিংক) ক্লিক (click) কৰি অতিৰিক্ত তালিকা ‘অনলাইন’ চাব পাৰিব। 

যি সকল ব্যক্তিৰ খচৰা এন আৰ চিৰ স্থিতি (Draft status) অতিৰিক্ত তালিকা ‘বাদ ‘পৰা” (Exclusion) লৈ পৰিবৰ্তিত হ'ব, তেওঁলােক খচৰা এন আৰ চি'ত "Excluded in Additional List" (অতিৰিক্ত তালিকাত বাদ 'পৰিল) মন্তব্যৰে চিহ্নিত হ'ব। 

২০১৮ চনৰ ৩০ জুলাই তাৰিখে প্রকাশিত খচৰা এন আৰ চিত ইতিমধ্যে নাম অন্তর্ভুক্ত হােৱা আৰু অতিৰিক্ত তালিকাৰ দ্বাৰা প্ৰভাৱান্বিত নােহােৱা ব্যক্তিসকলৰ খচৰা এন আৰ চি’ৰ স্থিতি (Draft Status) অপৰিবৰ্তিত ৰূপত প্রকাশ হ'ব। পৰিশিষ্টৰ ৫নং দফাৰ অধীনত প্ৰকাশ হােৱা অতিৰিক্ত তালিকা (বাদ পৰা)ত কোনাে ব্যক্তিৰ নাম তালিকাভুক্ত হলে তেওঁলােকক তেওঁলােকৰ বাসস্থানৰ ঠিকনাত জাননীপত্র (Letter of Information) দি জনােৱা হ'ব। এনে ব্যক্তিয়ে তেওঁলােকৰ দাবী দাখিল কৰাৰ আৰু এটা সুযোগ পাব। 

এনেবোৰ দাবী নিষ্পত্তিকাৰী বিষয়াই শুনানিৰ জৰিয়তে নিষ্পত্তি কৰিব। দাবী দাখিল কৰা আৰু নিষ্পত্তিকাৰী বিষয়াৰ দ্বাৰা দাবী নিষ্পত্তি কৰাৰ কাম একেলগে হ'ব। জাননীপত্রত দাবী দাখিল কৰা কেন্দ্ৰ আৰু শুনানি কেন্দ্ৰৰ বিষয়ে সবিশেষ উল্লেখ থাকিব। ২০১৯ চনৰ ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্রকাশ কৰাৰ আগতে এনে সকলােবােৰ দাবী নিষ্পত্তি কৰা হ'ব। এই কথা উল্লেখ কৰা নিস্প্ৰয়োজন যে নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিখুঁত, নিৰপেক্ষ আৰু ফলপ্রসূভাৱে মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু প্ৰত্যক্ষ পৰ্যবেক্ষণত ৰূপায়ণ কৰা হৈ আছে। ১৯৭১ চনৰ ২৪ মার্চ (মাজনিশা) 'কাট-অফ’ তাৰিখলৈকে সকলাে প্রকৃত ভাৰতীয়ৰ নাম চূড়ান্ত নাগৰিকপঞ্জীত সন্নিবিষ্ট হ'ব। এই বিষয়ে অধিক জানিবলৈ আগ্ৰহী সকলে ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা বিনামূলীয়া হেল্পলাইন নং ১৫১০৭ত ফোন কৰিব পাৰে।