newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ ইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ হাইলাকান্দিৰ মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায়ত বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷
শনিবাৰে এটি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মহিলাগৰাকীয়ে দিয়া এটি সাক্ষাৎকাৰত মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায় তেওঁক ধৰ্ষণ কৰা বুলি কয়৷ ন্যায় নাপালে আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰি ৫ লাখ টকা দি বিধায়কগৰাকীয়ে গোচৰ উঠাই লোৱাৰ বাবে হেঁচা দিয়া বুলি কয় মহিলাগৰাকীয়ে৷