newsnextone.com | কাজিৰঙাঃ অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল। 

লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতোঁ মৃত্যু বৰিলাঁ। তাহানিতে ড০ ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে নুমলী জীক বচাবলৈ ৮৫৫গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত অসমীয়াই আজি আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে৷

অসমী আই, পূণ্যভূমিৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা। অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আজি আকাশত তিৰবিৰাব৷ যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক৷ 

যিয়ে বন্দুকৰ গুলী বুকু পাতি লৈছিল আই মাতৃৰ বাবে৷ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি ৮৫৫গৰাকী শ্বহীদক৷ অসমৰ বুকুত অসমীয়াৰ অস্তিত্ব জীয়া কৰা অসম আন্দোলনৰ নেতৃত্ব লৈছিল সদৌ অস ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কৰা ৬ বছৰীয়া আন্দোলন ফল আজি অসমৰ ৰাইজে ভোগ কৰিবলৈ সক্ষম হ'ল। 

যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বৰ আৰু বৰ্তমানৰ নেতৃত্ব আনন্দিত হৈ পৰিছে। বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতোঁ আনন্দ উলাহ প্ৰকাশ কৰে। এনআৰচিৰ সম্পূৰ্ণ খচৰাক আছুৱে আদৰণি জনায়।

আনহাতে, আছু আৰু ৰাইজে সম্পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ পিছতে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বৰপেটাৰ উজান বৰবড়ি গাঁৱত আনন্দ উলাহ প্ৰকাশ কৰা দেখা যায়। স্থানীয় ৰাইজে আনন্দ উলাহ প্ৰকাশ কৰাৰ লগতে খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিত ৮৫৫ গচি বন্তি প্ৰজল্বন কৰি শ্বহীদক স্মৰণ কৰে৷

অসমবাসীয়ে সাক্ষী হৈ থাকিবলগীয়া ঐতিহাসিক মুহূৰ্তৰ পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই খুমটাইৰ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ ঘৰলৈ গৈ খবৰ লয়৷ শ্বহীদ পৰিয়ালৰ অৱস্থাৰ বুজ লয়৷ খুমটাইৰ শ্বহীদ পুতু কোঁৱৰ, ভোগেশ্বৰ ফুকন আৰু মুকুট চেতিয়াৰ ঘৰত গৈ আছুৱে পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰে৷ 

শ্বহীদসকলৰ ত্যাগক সন্মান জনাই ঐতিহাসিক দিনটোক স্মৰণীয় কৰিবৰ বাবে আছুৰ সদস্যসকলে এই উদ্যোগ লোৱা বুলি কয়৷ শ্বহীদসকলৰ ত্যাগ আৰু পিছৰ পৰ্যায়ৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ একাগ্ৰতা, নিষ্ঠাৰ বাবে NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাইছে বুলি কয়৷ ছাত্ৰ সন্থাই অতি গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, শ্বহীদ পৰিয়ালৰ সদস্যসকলে আছুৰ এই উদ্যোগক প্ৰশংসা কৰে৷