বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে অসমৰ সীমাৰ সংঘাত নতুন নহয়৷ বছৰ বছৰ ধৰি প্ৰতিখন চৰকাৰে এই সমস্যাক ৰাজনৈতিক কাৰণত সমাধানৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ লগতে এই সমস্যাক জীয়াই ৰাখি নিৰ্বাচনৰ ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হয়৷ অসম-নাগালেণ্ড সীমান্ত, অসম অৰুণাচল সীমান্তত দীৰ্ঘ দিনৰ পৰা সীমা সমস্যাক লৈ অশান্তিৰ পৰিবেশৰ সৃষ্টি হৈ আহিছে৷ বহু মানুহৰ প্ৰাণ গৈছে৷ সম্পত্তি নষ্ট হৈছে৷
দুৰ্বৃত্ত বহু সম্পত্তি দখল কৰিছে৷ সীমান্তত বসবাস কৰা অসমীয়াৰ চাহ গছ কাটি, তামোলৰ গছ কাটি তাণ্ডৱ অব্যাহত ৰাখিছে দুৰ্বৃত্তই৷ অসমৰ ভূমিৰ ভিতৰলৈ সোমাই আহি অসমৰ ভূমি দখল কৰি আহিছে দুয়ো খন চুবুৰীয়া ৰাজ্যই৷ এনে সময়তে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তি কৰি বৃহত্তৰ নাগালিম গঠনৰ কথা দিশে আগবাঢ়িছে কেন্দ্ৰ চৰকাৰ আৰু NSCN-এ৷ অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং বুলি উমান লাভ কৰি ৰাজপথলৈ ওলাই আহি দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷