জোনাই/জাগীৰোডঃ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ আমচাং অভয়াৰণ্যৰ পৰা থলুৱা অসমীয়াক অমানবীয় ভাবে উচ্ছেদ কৰাৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে ৰাজ্যত৷ ১৯ সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবীত বুধবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায়৷
এই বন্ধৰ ব্যাপক প্ৰবাৱ পৰে উজনি-নামনিত৷ উজনিৰ ধেমাজিকে ধৰি বিভিন্ন জিলাত পুৱাৰে পৰা যান-বাহনৰ চলাচল বন্ধ খকাৰ লগতে শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থকা দেখা যায়৷ আনহাতে মধ্য অসমতো এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়৷ মৰিগাঁৱৰ জাগীৰোডত পুৱাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত লোক ৰাজ পথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷