ওৰাংঃ বন্ধ নামানে পানীৰ মাছে৷ মানুহৰ বাবেহে এই বন্ধ৷ পথত জমা হোৱা পানীৰ মাছ ক'লৈ যাব৷ পথত জমা হোৱা পানীত থকা সংগঠনৰ বন্ধ নমনা মাছ মাৰি বন্ধৰ আমেজ ললে জনগোষ্ঠীয় যুৱকে৷ ৰাজপথত জমা হোৱা পানীত কাৱৈ, পুঠি, খলিহনা বিচাৰি জাল মাৰি বহুতে বন্ধৰ আমেজ ল'লে ওৰাঙত।

জনগোষ্ঠীয় ঐক্য মঞ্চই জনজাতিকৰণৰ দাবীত ঘোষণা কৰা অসম বন্ধত নিস্তব্ধ হৈ পৰা ৰাজপথত জনগোষ্ঠীয় যুৱকে জাল মাৰি ধৰিলে কাৱৈ, পুঠি, খলিহনা। উল্লেখ্য যে, ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী জমা হয়। এই দুৰ্যোগক সুযোগলৈ পৰ্যবসিত কৰি পথাৰৰ পানী আৰু পথৰ পানী একাকাৰ হৈ পৰাত পথলৈ মাছ উঠি অহা প্ৰত্যক্ষ কৰি বহুলোকে পথতে ধৰিলে মাছ।

ধাৰাসাৰ বৰষুণৰ ফলত ঘাইপথৰ ওপৰেৰে পানী বৈ থকাৰ লগতে জলমগ্ন হৈ পৰিছে ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰ ৷ সঠিক ভাৱে নলা-নৰ্দমাসমূহ পৰিস্কাৰ নকৰাৰ ফলতেই এই সমস্যাই প্ৰতিবছৰে অঞ্চলবাসীক জুৰুলা কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।

বিগত বছৰত উক্ত সমস্যা সমাধান কৰিবলৈ ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলে কাৰ্যালয়ৰ পৰা একমাত্ৰ ঠিকাদাৰৰ স্বাৰ্থত এটা নলা খান্দি নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ অভিযন্তাৰ সহযোগত সমুদায় ধন শৰাধ কৰাৰ অভিযোগ উঠিছিল।

ইয়াৰ মাজতে আজি ঘাইপথৰ ওপৰত মাছৰ উজান উঠা দেখি হাতত জাল লৈ ৰাজপথৰ ওপৰত মাছ ধৰিবলৈ নামি পৰে। এনে দৃশ্যই বহুতকে আমোদ দিলেও ৰাজপথত ৰাইজে জাল মাৰি মাছ ধৰাটো বিভাগটোৰ বাবে লজ্জাৰ বিষয় হিচাপে পৰগণিত হৈছে।