ওদালগুৰিঃ বন্ধই কোনো ধৰণৰ সমস্যা সমাধান নকৰে বুলি চৰ্চা হৈ থকাৰ সময়তে অবড়ো সুৰক্ষা সমিতিয়ে দিয়া অসম বন্ধৰ বাবে ওদালগুৰিত জনজীৱন ব্যাহত হৈ পৰে৷ বিটিএডিৰ অবড়ো সুৰক্ষা সমিতি সমিতিয়ে বৃহস্পতিবাৰে ঘোষণা কৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰিৰ বিভিন্ন অঞ্চলত পৰা দেখিবলৈ পোৱা গৈছে৷
দুৰ্নীতিৰে ভাৰাক্ৰান্ত ৰাজ্যত প্ৰতিটো দিনতেই এতিয়া ধৰ্ণা, পথ অৱৰোধেৰে কৰা প্ৰতিবাদী কাৰ্যসূচী৷ বিটিচি চুক্তি কৰ্তন, বিটিএডি অঞ্চলৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন, বিটিএডি অঞ্চলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বড়োলেণ্ড গঠনৰ নামত অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত অবড়ো সুৰক্ষা সমিতিয়ে এই বন্ধৰ আহ্বান কৰিছিল৷