Home দেশকেৰেলাত অসমৰ যুৱকৰ কৰুণ মৃত্যু

কেৰেলাত অসমৰ যুৱকৰ কৰুণ মৃত্যু

by News Desk
42 views
A+A-
Reset

ডিজিটেল ডেস্ক |তামুলুপৰঃ  কেৰেলাৰ NETUS ABLA নামৰ মাছৰ কোম্পানীত কৰ্মৰত নীলাধৰ দাসৰ কৰুণ মৃত্যু৷ কৰ্মৰত NETUS ABLA কোম্পানীৰ দায়ত্বহীনতাত ক্ষুব্ধ পৰিয়াল৷ নীলাধৰে কৰ্মৰত অৱস্থাতে আজিৰ পৰা এক সপ্তাহ আগতে এটা ওখ অট্টালিকাৰ চাদৰ পৰা তললৈ পৰি যোৱা বুলি জানিব পৰা যায়৷ অসমৰে কেইজন মান যুবকে তাৎক্ষনিক ভাবে ট্ৰিবান্দ্ৰম মেডিকেল কলেজত ভৰ্তি কৰাই যদিও চিকিৎসকে কেৱল ককাঁলৰ চিকিৎসা কৰি চিকিৎসা সমাপ্ত কৰে৷

যোৱাকালি যুবকজনে বিচনাতে ককবকাই থকাত অসমৰ উক্ত যুবক কেইজনে পুনৰ কেৰেলা ইনচটিতিউট অব মেডিকেল চাইন্স নামৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও নিশা প্ৰায় ১১ মান বজাত নাক আৰু মুখেৰে ৰক্ত ক্ষৰণ হৈ নীলাধৰ দাসে মৃত্যুক আকোঁৱালি লয়৷ লক্ষণীয় বিষয়  এয়ে যে মৃত্যুৰ ১২ ঘন্টা সময় উকলি যোৱাৰ পিছতো নীলাধৰে কাম কৰা কোম্পানীৰ কোনো এজন লোকে পৰিয়ালৰ সৈতে যোগাযোগ নকৰাতো অতি ৰহস্য জনক কথা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0