Home ৰাজ্যকেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
A+A-
Reset
cabinet

গুৱাহাটী: সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হৈ যায় অসম কেবিনেট বৈঠক। এই বৈঠকত ‎কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মঙলবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ‎শৰ্মাই কেবিনেটৰ সিদ্ধান্ত সমূহ ঘোষণা কৰে। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই  ২২,৮৬৪ কোটি টকা ‎ব্যয়সাপেক্ষ শ্বিলং-শিলচৰ গ্রীনফিল্ড হাই-স্পীড কৰিড’ৰৰ বাবে প্ৰদান কৰা অনুমোদন বাবে প্রধানমন্ত্রী ‎নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় কেবিনেটৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই ১৬৬.৮ কিল’মিটাৰ কৰিড’ৰত ‎কাছাৰ জিলালৈ ২২ কিল’মিটাৰ পথ প্ৰসাৰিত কৰা হ’ব আৰু ই গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰাৰ সময় ‎মাত্র ৫ ঘণ্টালৈ হ্রাস কৰাৰ লগতে যাতায়াত ব্যৱস্থা উন্নত কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ উপৰিও, কেবিনেটে ২০৩৫ চনৰ ভিতৰত ৰাজ্যখনক শক্তিৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰিবলৈ অসম তাপ ‎বিদ্যুৎ উৎপাদন প্ৰচাৰ নীতি-২০২৫ত অনুমোদন জনাইছে। এই নীতি অনুসৰি চৰকাৰে ২০৩০ চনৰ ‎ভিতৰত ২,০০০ মেগাৱাট আৰু ২০৩৫ চনৰ ভিতৰত ৫,০০০ মেগাৱাটলৈ তাপ বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাৰ ‎লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ শক্তি খণ্ডক শক্তিশালী কৰাৰ বাবে কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ‎জীৱন ধাৰা আৰু ঘৰুৱা-এ শ্ৰেণীৰ উপভোক্তাক শুল্ক ৰেহাই প্ৰদান কৰাৰ বাবে এ পি ডি চি এললৈ ৩০০ ‎কোটি টকাৰ নিৰ্ধাৰিত ৰাজসাহায্য আগবঢ়াব।  লগতে, ২০২৫-২৬ বিত্তীয় বৰ্ষত খুচুৰা শুল্ক বৃদ্ধি পৰিহাৰ ‎কৰিবলৈ এ পিডি চি এললৈ ২০০ কোটি টকাৰ শুল্ক ৰাজসাহায্য আগবঢ়োৱা হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0