গুৱাহাটীঃ ক্ৰমাৎ দ্ৰুত হাৰত অসমত বৃদ্ধি পাবলৈ লৈছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে সন্ধিয়াৰ ভাগত আৰু ৪জনৰ দেহত পজিটিভ ধৰা পৰাত ৰাজ্যখনত এই পৰ্যন্ত কৰ’না আক্ৰান্তৰ সংখ্যা হৈ পৰে ২০ জন। ইয়াৰে আটাইকেইগৰাকীয়েই ‘ছুপাৰস্প্ৰেডাৰ’ হিচাপে পৰিগণিত হোৱা দিল্লীৰ নিজমুদ্দিনৰ তবলীগ জামাতত অংশগ্ৰহণ কৰিছিল বুলি টুইটযোগে সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যখনত কৰ’না পজিটিভৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে যোৱা ৩১ মাৰ্চত। সেইদিনা শিলচৰ মেডিকেল কলেজ হাস্পতালত কৰিমগঞ্জৰ এজন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে। ইয়াৰ পিছতে ১ এপ্ৰিলৰ দিনটোত দিনৰ ভাগলৈ ৪জন আৰু নিশাৰ ভাগলৈ ১১ জন লোকৰ দেহত কৰ’না পজিটিভ পোৱাৰ কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে।