বঙাইগাঁও/গুৱাহাটীঃ লকডাউনৰ অন্ত পৰিবলৈ মাজতে মাত্ৰ ৩টা দিন বাকী থকা অৱস্থাত ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না পজিটিভৰ ঘটনা। বৃহস্পতিবাৰৰ দিনটোত বঙাইগাঁৱত একেদিনাই ৪ জনকৈ লোকৰ দেহত ধৰা পৰে কৰ’না পজিটিভ। ইয়াৰ লগে লগে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৪১ জন।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই এক টুইটযোগে জিলাখনৰ ৪ জনকৈ লোকৰ দেহত দুপৰীয়া প্ৰায় ১ বজাত পজিটিভ ধৰা পৰিছে বুলি জানিবলৈ দিয়ে। আজি পজিটিভ ধৰা পৰা লোককেইজন হৈছে বঙাইগাঁও শ্বহীদ বেদীৰ ববিতা বাছফৰ(২৯) , চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া (১৮), ৰেলৱে কলনীৰ নিনা বিশ্বকৰ্মা  (৬০) আৰু অভয়াপুৰীৰ দীপক মল্লিক (৩২)। ইয়াৰ পূৰ্বে এজনৰ বাদে ৰাজ্যত পজিটিভ ধৰা পৰা প্ৰায় আটাইকেইজনেই 'নিজামুদ্দিনৰ সৈতে জড়িত’ আছিল যদিও এই প্ৰথমবাৰৰ বাবে নিজামুদ্দিনৰ সৈতে সম্পৰ্ক নথকা এজনতকৈ অধিক লোক একেলগে কৰ’নাত আক্ৰান্ত হৈছে।

পৰিস্থিতিৰ বুজ ল’বলৈ আজি পুৱাই বঙাইগাঁৱত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত। মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত উপস্থিত হৈয়েই স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ কৰ’নাৰ সৈতে কিদৰে মোকাবিলা কৰি তাক প্ৰতিহত কৰিব সেই সম্পৰ্কে মত-বিনিময় কৰে আৰু সংশ্লিষ্টসকলক দিহা-পৰামৰ্শ আগবঢ়ায়।

বঙাইগাঁৱৰ স্বাস্থ্য ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ সময়ত স্বাস্থ্য মন্ত্ৰীগৰাকীক সংগ দিয়ে বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বঙাইগাঁৱৰ ৰাইজ এতিয়া আগতকৈ অধিক সাৱধান হ’ব লাগিব। তেওঁ আজি পজিটিভ ধৰা পৰা লোককেইজন কমিউনিটি ট্ৰান্সমিছনৰ চিকাৰ হৈছে বুলি একেষাৰে মানি ল’বলৈকে অস্বীকাৰ কৰে।

'এই চাৰিটা কেছ কমিউনিটি ট্ৰান্সমিছন বুলি ক’ব নোৱাৰি। এইকেইটাৰ এতিয়ালৈকে তেনেকৈ কোনো কণ্টেক্ট হিষ্টৰী আমি পোৱা নাই। ববিতা বাছফৰৰ ক্ষেত্ৰত দিল্লীৰ পৰা অহা বাবে কিছু সন্দেহ কৰিব পাৰি যদিও কাৰ পৰা কেনেকৈ সংস্পৰ্শলৈ আহিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই। গতিকে ৰাইজ অধিক সাৱধান হ’ব লাগিব। আমি কণ্টেক্ট হিষ্টৰী সম্পৰ্কে জানিবলৈ অধিক সন্ধান আৰম্ভ কৰিছো।’-বঙাইগাঁও জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰি এইদৰে কয় মন্ত্ৰী শৰ্মাই।

ইফালে, বঙাইগাঁৱত একেদিনাই ৪ জনকৈ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা মাত্ৰকে আতংকিত হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ লকডাউন পুনৰ বৃদ্ধি পোৱাৰ আশংকাই অধিক আতংকিত কৰি তুলিছে লোকসকলক। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে কেন্দ্ৰ চৰকাৰে জিলাসমূহ সংক্ৰমণৰ হাৰ অনুযায়ী জ’নত ভাগ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাত সেইধৰণৰে প্ৰস্তুতি চলাই থকা হৈছে। অৱশ্যে পজিটিভৰ সংখ্যা বাঢ়িলে লকডাউন সম্পৰ্কে নতুনকৈ চৰকাৰে চিন্তা-চৰ্চা কৰিবলৈ বাধ্য হৈ পৰিব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰে বিষয়াগৰাকীয়ে।

পঢ়ক ► লকডাউনৰ পিছতো বাঢ়িব পাৰে কৰ'নাৰ সংক্ৰমণ! চৰকাৰক সকীয়ালে বিশেষজ্ঞই

পঢ়ক ► লকডাউনৰ সদব্যৱহাৰত ব্যৰ্থ নেকি চৰকাৰ! টাস্ক ফ'ৰ্চৰ বৈঠকত কি আলোচনা চলিছিল?

উল্লেখ্য যে, বিশেষজ্ঞসকলে লকডাউন ঘোষণা কৰাৰ পূৰ্বেই চৰকাৰক লকডাউন সম্পৰ্কে একাধিক পৰামৰ্শ আগবঢ়াইছিল। কিন্তু তেনে পৰামৰ্শসমূহ লকডাউন ঘোষণা কৰাৰ সময়ত চৰকাৰে পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাধিক বিশেষজ্ঞই। চৰকাৰে গঠন কৰি দিয়া টাস্ক ফৰ্চৰ বিশেষজ্ঞসকলেই কৈছে যে চৰকাৰে পৰিকল্পনা অবিহনে লকডাউন ঘোষণা কৰিছে আৰু ইয়াৰ পৰিণাম দেশবাসীয়ে ভোগ কৰিব লাগিব। টাস্ক ফৰ্চৰ কেবাগৰাকী মহামাৰী বিশেষজ্ঞই লকডাউনৰ পিছতে দেশত কৰনা পজিটিভৰ ঘটনা বৃদ্ধি পাব বুলিও আশংকা কৰিছে। এই সম্পৰ্কীয় বাতৰিকেইটা সবিস্তাৰে পঢ়িবলৈ ওপৰত দিয়া শিৰোনাম দুটাত ক্লিক কৰক।