গুৱাহাটীঃ অসমৰ এখন নাটকে খলকনি লগাইছে বিহাৰত৷ লখিমপুৰ জিলাৰ ফুলবাৰীৰ নাট্যগোষ্ঠী অভিনৱ থিয়েটাৰে বিহাৰৰ আড়া চহৰত অনুষ্ঠিত ছব্দৰ হাছমি নৱাঙকুৰ আন্তঃৰাষ্ট্ৰীয় মুকলি নাট সমাৰোহত “কলাজ অৱ লাইফ” নামৰ নাটখন মঞ্চস্থ কৰি খলকনি লগাবলৈ সক্ষম হৈছে৷ বিহাৰৰ নাট্য প্ৰেমীৰ বিশেষ প্ৰশংসা লাভ কৰাৰ লগতে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
যাৰ ফলত পুণৰ নাট খন মঞ্চস্থ কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছে নাট্যদলটোৱে৷ সামাজিক আৰু ৰাজনৈতিক ঘটনাৰাজিৰ সন্দৰ্ভত দয়াল কৃষ্ণ নাথৰ ৰচনা আৰু পৰিচালনাত কলাজ অৱ লাইফ শীৰ্ষক নাটকখন উপভোগ কৰি বিহাৰৰ দৰ্শক আপ্লুত হয় বুলি জানিব পৰা গৈছে। মুকলি মঞ্চত কেউফালে দৰ্শকৰ ভিৰ আছিল৷ দৰ্শকৰ হাত ছাপৰিত উৎসাহেৰে প্ৰতিগৰাকী অভিনেতাই উল্লাসেৰে অভিনয় কৰিছিল৷